শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ এৰি বিদেশলৈ শ্বাহৰুখ খান! এটা খবৰে চিন্তিত কৰিছে কিং খানৰ অনুৰাগীক…

দেশ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি শ্বাহৰুখ খানে? পহলগাম কাণ্ডক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এক খবৰ বিয়পি পৰিছে যে বিদেশ যাবলৈ সাজু হৈছে শ্বাহৰুখ খান।

দেশ এৰি বিদেশলৈ শ্বাহৰুখ খান! এটা খবৰে চিন্তিত কৰিছে কিং খানৰ অনুৰাগীক…
শ্বাহৰুখ খান Image Credit source: Facebook (shahrukh khan)
barasha-sarma
Barasha Sarma | Published: 30 Apr 2025 20:23 PM

দেশ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি বাদশ্বাহ শ্বাহৰুখ খানে? যোৱা কেইটামান দিনৰ পৰা এই খবৰ বিয়পি পৰিছে। বিভিন্ন উৰা বাতৰি প্ৰচাৰ হৈছে যে কিং খানে দেশ এৰি ব্ৰিটেইনলৈ যাব। পিছে হঠাতে শ্বাহৰুখ খানে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে? সামাজিক মাধ্যমত বিয়পি পৰা এই খবৰৰ বাবে চিন্তিত হৈ পৰিছে অভিনেতাগৰাকীৰ অনুৰাগীসকল।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দেশত এক শোকৰ ছা পৰিছে। এই সময়চোৱাত একাংশ চেলিব্ৰেটিয়ে নিজৰ বিভিন্ন অনুষ্ঠান বাতিল কৰিছে। উদাহৰণ স্বৰূপে ‘আন্দজ আপনা আপনা’ ছবিৰ পুনৰ মুক্তিৰ অনুষ্ঠানত আমিৰ খান উপস্থিত হোৱা নাছিল। আনহাতে ছলমান খানেও বিদেশ ভ্ৰমণসূচী বাতিল কৰিছিল। গতিকে এনে পৰিস্থিতিত প্ৰশ্ন হৈছে, পহলগাম কাণ্ডৰ বাবে দেশ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি শ্বাহৰুখ খানে?  একাংশই প্ৰশ্ন কৰিছে, নিৰাপত্তাহীনতাত ভুগিছে নেকি শ্বাহৰুখ?

অভিনেতা শ্বাহৰুখ খান সন্দৰ্ভত বিভিন্ন উৰা বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে একাংশই কৈছে যে তেওঁ মাৰ্ভেল ষ্টুডিঅ’ৰ সৈতে কাম কৰিবলৈ হলিউডলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেইবাবছৰ পূৰ্বে শ্বাহৰুখে এভেঞ্জাৰছৰ টিমত অভিনয় কৰিবলৈ ওলাইছে বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল। এই উৰাবাতৰিৰ আৰম্ভণি হৈছিল হলিউডৰ অভিনেতা এণ্টনি মেকিয়ে শ্বাহৰুখক লৈ কৰা এটা মন্তব্যৰ পৰা।  প্ৰথম অৱস্থাত শ্বাহৰুখ খানে ইয়াৰ সবিশেষ তথ্য প্ৰকাশ কৰিব বিচৰা নাছিল যদিও এতিয়া খবৰ ওলাইছে যে শ্বাহৰুখ বিদেশলৈ গৈ মাৰ্ভেল প্ৰডাকচনৰ সৈতে চু্ক্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এটা টুইট ভাইৰেল হৈ পৰিছিল যত লিখা আছিল যে আহিবলগীয়া এটা প্ৰকল্পৰ বাবে শ্বাহৰুখে মাৰ্ভেলৰ সৈতে আলোচনাত মিলিত হৈছে। অৱশ্যে কিছুসময় পাছতেই MarvelLeaks22 নামৰ একাউন্টৰ পৰা পোষ্ট কৰা বাতৰিটো ডিলিট কৰি দিয়ে।

অৱশ্যে বলীউডৰ একাংশৰ মতে, নিৰাপত্তাজনিত কাৰণত শ্বাহৰুখে দেশ এৰি যাব ওলাইছে। উৰাবাতৰিৰ মতে, অতি সোনকালে শ্বাহৰুখে কিবা এটা ডাঙৰ কথা ঘোষণা কৰিব পাৰে। অৱশ্যে এই সকলো জল্পনা-কল্পনা সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই শ্বাহৰুখ খানে। গতিকে শ্বাহৰুখ খানে এই সন্দৰ্ভত মন্তব্য কৰাৰ পাছতহে সত্য পোহৰলৈ আহিব।  এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াত শ্বাহৰুখৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে অভিনেতাগৰাকীয়ে জাৰ্মানীত এজন অনুৰাগীত অটোগ্ৰাফ দি আছে।

 

অন্য খবৰ পঢ়কঃ কাপোৰ খোলা, মই তোমাক তেনেকৈ চাব বিচাৰো- বিশিষ্ট পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰীৰ…