ডিপ্ৰেছনৰ লক্ষণসমূহ কি কি জানেনে?  জানক...

1 May 2025

TV9 ASSAM

আজকালি বহু মানুহে ঘৰ-পৰিয়ালৰ, আৰ্থিক দিশ, কামৰ বোজা, ব্যক্তিগত সমস্যা আদিৰ বাবে ডিপ্ৰেছনত ভোগা দেখা যায়। ই এনে এক মানসিক প্ৰক্ৰিয়া যিয়ে ব্যক্তিৰ আচৰণ, কাম কৰাৰ ক্ষমতা,বুজাবুজি আদিৰ বাবে জীৱনত প্ৰভাৱ পৰে।

ডিপ্ৰেছন

আজিকালি যুৱ প্ৰজন্মৰ প্ৰায়সংখ্যকে ডিপ্ৰেছনত ভোগা দেখা যায়।  বহুতে নাজানে যে তেওঁলোকে ডিপ্ৰেছনত ভুগি আছে। কিন্তু এই সময়ত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে।

লক্ষণ

যদি আপুনি বেছিভাগ সময় দুখ আৰু হতাশা অনুভৱ কৰে তেন্তে এয়া ডিপ্ৰেছনৰ লক্ষণ হ'ব পাৰে। যদি কোনো কাৰণ নোহোৱাকৈ আপোনাৰ বহু দিনৰ বাবে মন বেয়া হৈ থাকে তেন্তে বিশেষজ্ঞৰ সহায় লোৱা দৰকাৰ।

দুখ আৰু হতাশা

হঠাতে খং উঠা, খিংখিঙীয়া স্বাভাৱ, সৰু-সৰু কথাত খং উঠা আদি ডিপ্ৰেছনৰ লক্ষণ  হ'ব পাৰে। যদি কোনোবাই কিবা ক'লেই আপোনাৰ খং উঠে, অশান্তি লাগি থাকে তেন্তে ডিপ্ৰেছনৰ লক্ষণ  হ'ব পাৰে।

খিংখিঙীয়া

অনবৰতে ভাগৰুৱা অনুভৱ কৰা, কাম কৰিবলৈ শক্তিৰ অভাৱ, এলেহুৱা অনুভৱ কৰা আদি ডিপ্ৰেছনৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি টোপনি নহা, অধিক টোপনি অহা ডিপ্ৰেছনৰ লক্ষণ হ'ব পাৰে।

ভাগৰুৱা আৰু টোপনি

মনোযোগৰ অভাৱ ডিপ্ৰেছনৰ লক্ষণ  হ'ব পাৰে। ইয়াৰোপৰি যদি আপোনাৰ অনবৰতে মনত বেয়া ভাব, আত্মবিশ্বাসৰ অভাৱ বা নিজকে শেষ কৰাৰ ভাব আহি থাকে তেন্তে ইও ডিপ্ৰেছনৰ লক্ষণ  হ'ব পাৰে।

মনোযোগ- বেয়া ভাৱ

ডিপ্ৰেছনত ভুগিলে মূৰ বিষ, পেট বিষ বা আন শাৰীৰিক সমস্যাই দেখা দিব পাৰে।  ইয়াৰোপৰি আন বহু লক্ষণে দেখা দিয়ে। অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ সহায় ল'ব পাৰে।

শাৰীৰিক লক্ষণ

পঢ়িবলৈ ক্লিক কৰক 

ভাৰত-পাকৰ পাৰমাণৱিক অস্ত্ৰ