শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
৩৮ বছৰীয়া হ'ল হিটমেন, চাওক ৰোহিত শৰ্মাৰ কেইটামান অভিলেখ

৩৮ বছৰীয়া হ’ল হিটমেন, চাওক ৰোহিত শৰ্মাৰ কেইটামান অভিলেখ

raj-saikia
Raj Saikia | Published: 30 Apr 2025 22:09 PM

ৰোহিতক আইপিএলৰ সফল অধিনায়ক বুলি এনেয়ে কোৱা নহয় । তেওঁৰ হাতত আছে আই পি এলৰ পাঁচটা খিতাপ । মুম্বাইক পাঁচবাৰকৈ আইপিএল চেম্পিয়ন কৰিছে তেওঁ । আইপিএলৰ ইতিহাসত শতক আৰু হেইট্ৰিকৰ অভিলেখ আছে মুঠেই ৩ জন ক্ৰিকেটাৰৰ । তাৰ মাজত এজন ৰোহিত । আন দুজন হ'ল অষ্ট্ৰেলিয়াৰ শ্বেন ৱাটছন আৰু ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰিন ।

মুম্বাই চা ৰাজা…এই শ্ল’গান ভাঁহি উঠে ৱাংখেড়ে ষ্টেডিয়ামত । আচলতে ৰোহিত শৰ্মাক এই বুলিয়েই কয় মুম্বাই ইণ্ডিয়ানছ আৰু অনুৰাগীয়ে । আন্তৰ্জাতিক ক্ৰিকেট হওক বা আইপিএল হওক হিটমেনৰ ছয়-চাৰিৰ ধুমুহা চাবলৈ অপেক্ষা কৰি থাকে ক্ৰিকেট অনুৰাগীয়ে ।

জীৱনৰ ৩৭ বসন্ত অতিক্ৰমী ৩৮ ত খোজ পেলালে মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক ৰোহিতে । ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিয়ানক ৰোহিত আইপিএলৰ অন্যতম সফল অধিনায়ক । আই পি এলৰ যোৱা ছিজনৰ পৰা অৱশ্যে তেওঁ মুম্বাইৰ অধিনায়কত্ব কৰা নাই । সেই দায়িত্ব হাৰ্দিকৰ কান্ধত । কিন্তু হিটমেন এতিয়াও মুম্বাইৰ জাৰ্ছী পিন্ধি ছুপাৰহিট হৈ আছে । বয়স বাঢ়িছে, কিন্তু ৰোহিতৰ বেট এতিয়াও দুৰ্দান্ত ।

ৰোহিতক আইপিএলৰ সফল অধিনায়ক বুলি এনেয়ে কোৱা নহয় । তেওঁৰ হাতত আছে আই পি এলৰ পাঁচটা খিতাপ । মুম্বাইক পাঁচবাৰকৈ আইপিএল চেম্পিয়ন কৰিছে তেওঁ । আইপিএলৰ ইতিহাসত শতক আৰু হেইট্ৰিকৰ অভিলেখ আছে মুঠেই ৩ জন ক্ৰিকেটাৰৰ । তাৰ মাজত এজন ৰোহিত । আন দুজন হ’ল অষ্ট্ৰেলিয়াৰ শ্বেন ৱাটছন আৰু ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰিন ।

আই পি এলৰ কোন মেচত ৰোহিতে হেইট্ৰিক কৰিছিল? এই প্ৰশ্ন বহুতৰেই মনত উত্থাপন হয় । আইপিএল আৰম্ভ হোৱাৰ পাছৰ বছৰ অর্থাৎ ২০০৯ চনত বৰ্তমানৰ দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হেইট্ৰিক কৰিছিল ৰোহিতে । সেই সময়ত তেওঁ খেলিছিল আধুনালুপ্ত ডেক্কান চাৰ্জাছৰ হৈ । সেই মেচত ৰোহিতে ২ অভাৰত ৬ ৰাণ খৰচ কৰিছিল । তাৰ বিনিময়ত দখল কৰিছিল ৪ টা উইকেট । সেই মেচত ডেক্কানৰ হাতত পৰাস্ত হৈছিল মুম্বাই ।

ৰোহিত আইপিএলৰ মঞ্চত আৰু এটা কাৰণত বিখ্যাত । এবাৰ, দুবাৰ নহয়, মুঠ ২০ বাৰ আইপিএলত মেন অৱ দ্য মেচ পুৰস্কাৰ লাভ কৰিছে ৰোহিতে । তেওঁৰ বাহিৰে আন কোনো ভাৰতীয় ক্ৰিকেটাৰৰ নামত এই অভিলেখ নাই । ইয়াৰ বাহিৰেও আইপিএৰ একমাত্ৰ অধিনায়ক হিচাপে হিটমেনে অৰ্জন কৰিছে আন এক মাইলৰ খুঁটি । সেয়া হ’ল টুৰ্ণামেন্টৰ ফাইনেলত ২ বাৰ অৰ্ধশতক অৰ্জনকাৰী একমাত্ৰ খেলুৱৈ ৰোহিত । ২০১৫ চনত চেন্নাইৰ বিৰুদ্ধে ফাইনেলত ২৬ টা বলত ৫০ ৰাণ কৰিছিল তেওঁ ।

পুনৰ ২০২০ চনৰ ফাইনেলত দিল্লীৰ বিৰুদ্ধে ৫১ টা বলত ৬৮ ৰাণ কৰিছিল ৰোহিতে । ২০১৫ আৰু ২০২ দুয়োটা ছিজনতে চেম্পিয়ন আছিল মুম্বাই । ইয়াৰ বাহিৰে ২০১৩, ২০১৭ আৰু ২০১৯ চনতো মুম্বায়ে আইপিএলৰ খিতাপ জয় কৰিছিল ৰোহিতৰ নেতৃত্বত । এতিয়া ৰোহিতৰ কান্ধত নাই মুম্বাইৰ অধিনায়কৰ দায়িত্ব । মন খুলি খেলিছে সেয়ে । যাৰ বাবে তেওঁৰ ওপৰত ৰৈছে অনুৰাগীৰ অলেখ প্ৰত্যাশা ।

-সংঘমিত্ৰা চক্ৰবৰ্তী, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা