শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ মিনিটৰ বাবে ২০ কোটি! ২০২৪ বৰ্ষৰ সবাতোকৈ দামী খলনায়কজন কোন জানেনে?

বলিউড হওক বা দাক্ষিণাত্যৰ ছবি, চলিত বৰ্ষত কেইবাখনো ছবিয়ে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান দেশত চলিছে পুষ্পা- ২ৰ ঢৌ। ২০২৪ বৰ্ষৰ ছবিত কেইবাজনো খলনায়কে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

১০ মিনিটৰ বাবে ২০ কোটি! ২০২৪ বৰ্ষৰ সবাতোকৈ দামী খলনায়কজন কোন জানেনে?
২০২৪ ৰ খলনায়ক
barasha-sarma
Barasha Sarma | Updated On: 11 Dec 2024 12:39 PM

মাজত মাত্ৰ কেইটামান দিন, তাৰ পাছতেই আহিব নতুন বছৰ ২০২৫। বলিউড হওক বা দাক্ষিণাত্যৰ ছবি, চলিত বৰ্ষত কেইবাখনো ছবিয়ে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান দেশত চলিছে পুষ্পা- ২ৰ ঢৌ। এটাৰ পাছত আন এটা অভিলেখ ভংগ কৰিছে আল্লু অৰ্জুনৰ আৰু ৰশ্মিকাৰ অভিনীত ছবি পুষ্পা-২য়ে। কিন্তু দৰ্শকৰ পচন্দৰ কথা ক’বলৈ হ’লে চলিত বৰ্ষত নায়কতকৈ খলনায়ক অৰ্থাত হিৰোতকৈ ভিলেইনৰ অভিনয়ে ছবি প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়। ২০২৪ বৰ্ষত মুক্তি লাভ কৰা ছবিৰ কেইজনমান ভিলেইনে এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল।

যদি কেতিয়াবা ববী দেউলে ‘উধিৰণ’ হিচাপে খলকনিৰ সৃষ্টি কৰিছিল কেতিয়াবা অৰ্জুন কাপুৰ ‘ডেঞ্জাৰ লংকা’ হিচাপে জনপ্ৰিয় হৈছে। বিভিন্নজনৰ মনত প্ৰশ্ন থাকে যে ২০২৪ চনৰ সবাতোকৈ দামী খলনায়ক কোন। বিশেষ কথা এয়াই যে সৰ্বাধিক টকা লোৱা খলনায়কজনৰ  ছবি অসম্পূৰ্ণ হৈয়ে ৰ’ল!

দামী খলনায়ক

  • ফহাদ ফচিলঃ পুষ্পা-২ নামৰ ছবিখনে যোৱা মাত্ৰ ৩টা দিনতে বহু অভিলেখ ভংগ কৰিছে। আল্লু অৰ্জুনৰ লগতে এই ছবিখনত ভিলেইন (ভনবৰ সিং শেখাৱট)ৰ চৰিত্ৰও দৰ্শকে বেচ পচন্দ কৰিছে। এই ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে ফহাচ ফাচিলে। কমেডী, একচনৰ লগতে খলনায়ক ফহাদৰ অভিনয় প্ৰশংসাৰ যোগ্য। খবৰ অনুসৰি এই ছবিখনৰ বাবে ফহাদে ৮ কোটি টকা লাভ কৰিছে।
  • ছৈফ আলী খানঃ এই তালিকাত নাম আহি পৰে ছৈফ আলি খানৰো। জুনিয়ৰ এন টি আৰৰ অভিনীত ছবি ‘দেৱৰা’ত ছৈফ আলী খানে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ ‘ভৈৰা’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ১২-১৩ কোটি টকা লাভ কৰিছিল। অৱশ্যে নিৰ্মাতাসকলে আশা কৰা ধৰণে এই ছবিখনে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম নহ’ল।
  • অৰ্জুন কাপুৰঃ ২০২৪ চনত অৰ্জুন কাপুৰো বিশেষ চৰ্চাত আছে। ৰোহিত শ্বেট্টীয়ে অৰ্জুন কাপুৰক ‘ডেঞ্জাৰ লংকা’ হিচাপে প্ৰকাশ কৰি ডাঙৰ ৰিস্ক লৈছিল যদিও সফল হৈছিল। ‘ছিংহাম এগেইন’ত খলনায়ক হিচাপে অৰ্জুনে বিভিন্নজনৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনৰ বাবে তেওঁ ৬ কোটি টকা লাভ কৰিছিল।
  • পৃথ্বীৰাজ সুকুমাৰনঃ অক্ষয় কুমাৰৰ ছবি ‘বড়ে মিয়া ছোটে মিয়া’ ফ্লপ হৈছিল যদিও ছবি নিৰ্মাতাই বহু টকা খৰচ কৰিছিল। এই ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল পৃথ্বীৰাজ সুকুমাৰনে। ‘মাস্ক মেন’ৰ চৰিত্ৰত এইজন বহু ভাল অভিনয় কৰিছিল। ছবিখনৰ বাবদ তেওঁ ৫ কোটি টকা লৈছিল।
  • ববী দেউলঃ ববী দেউলৰ ‘কাংগুৱা’ নামৰ ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন নকৰিলেও তেওঁৰ অভিনয়ে বিভিন্নজনৰ মন মুহিছিল। এই ছবিখনৰ বাবে ববী দেউলে ৫ কোটি টকা লৈছিল।
  • আৰ মাধৱনঃ এই বছৰতে ‘চয়তান’ নামৰ ছবিখনে মুক্তি লাভ কৰে। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে। এই ছবিখনৰ বাবে আৰ মাধৱনে ১০ কোটি টকা লৈছিল। এই ছবিখনত আৰ মাধৱনৰ অভিনয়ে বিভিন্নজনৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।
  • কমল হাছান: ১০০০ কোটি টকা ব্যয় সাপেক্ষে ;কল্কী ২৮৯৮এডি’ নামৰ ছবিখন চলিত বৰ্ষত মুক্তি লাভ কৰিছিল। এই ছবিখনৰ আন খণ্ড পৰৱৰ্তী সময়ত মুক্তি লাভ কৰিব। মুক্তি হৈ যোৱা ছবিখনৰ খলনায়কত অভিনয় কৰিছিল কমল হাছানে। চুপ্ৰিম ইয়াস্কিন চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ লৈছিল ২০ কোটি টকা। মাত্ৰ ১০ মিনিটৰ অভিনয় আছিল তেওঁ। গতিকে ২০২৪ বৰ্ষত কমল হাছানে আছিল সবাতোকৈ দামী খলনায়ক।