শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dharmendra Passes Away: এটা যুগৰ অৱসান! বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ শেষ নিশ্বাস ত্যাগ…

Actor Dharmendra Death: মনোৰঞ্জন জগতৰ বাবে আন এক বেয়া খবৰ। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। ইয়াৰ পাছতে এতিয়া বলীউড জগতত শোকৰ ছাঁ পৰিছে।

Dharmendra Passes Away: এটা যুগৰ অৱসান! বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ শেষ নিশ্বাস ত্যাগ…
ধৰ্মেন্দ্ৰ
barasha-sarma
Barasha Sarma | Updated On: 24 Nov 2025 14:02 PM

সোমবাৰ পুৱা (২৪ নৱেম্বৰ) মনোৰঞ্জন জগতৰ পৰা আহে এক বেয়া খবৰ। সকলোকে কন্দুৱাই ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। জানিব পৰা মতে, আজি পুৱাৰ ভাগত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, ঘৰৰ বাহিৰত এখন এম্বুলেন্সো দেখা গৈছিল। তাৰ পাছতে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ আহে। অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।

বলীউডৰ হি-মেন হিচাপে পৰিচিত ধৰ্মেন্দ্ৰৰ জনপ্ৰিয়তা আজিও কম হোৱা নাছিল। “দিল ভি তেৰা হম ভি তেৰে” ছবিৰে আৰম্ভ হোৱা তেওঁৰ চলচ্চিত্ৰ জগতৰ যাত্ৰা অৱশেষত থমকি ৰ’ল। শ্বোলে ছবিখনৰ জনপ্ৰিয় চৰিত্ৰ বীৰুই আজি জয়ক এৰি গুচি গ’ল। ছয় দশকৰ কেৰিয়াৰত তেওঁ ৰূপালী পৰ্দাত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। একশ্যন হওক, ৰোমাঞ্চ হওক বা কমেডী। সকলোকে আছিল ধৰ্মেন্দ্ৰৰ বিশেষ ৰাজত্ব। তেওঁৰ পৰিয়ালৰ তৃতীয় প্ৰজন্মই ছবি জগতত প্ৰৱেশ কৰিছে। কিন্তু তাৰ পাছতো ধৰ্মেন্দ্ৰই ছবি ক্ষেত্ৰৰ পৰা অৱসৰ লোৱা নাছিল।

ধৰ্মেন্দ্ৰৰ জীৱনৰ সাৰাংশ

ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম আছিল ধৰ্ম সিং দেউল। ১৯৩৫ চনৰ ৮ ডিচেম্বৰত জন্ম লাভ কৰা ধৰ্মেন্দ্ৰ পৰৱৰ্তী সময়ত হৈ উঠিছিল এজন অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। ধৰ্মেন্দ্ৰ চিনেমাৰ বাবে পৰিচিত। কিন্তু তেওঁৰ ৰাজনীতিতো আছিল বিশেষ টান। লোকসভা সমষ্টি বিকানেৰৰ পৰা সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।

বলীউড জগতখনত ধৰ্মেন্দ্ৰৰ অৱদান অতুলনীয়। তেওঁ ৩০০ তকৈ অধিকখন ছবিত অভিনয় কৰিছে। হিন্দী চিনেমাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১২ চনত ভাৰত চৰকাৰে ধৰ্মেন্দ্ৰক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল।

১৯৬০ চনত অৰ্জুন হিংগোৰাণীৰ ‘দিল ভি তেৰা হম ভি তেৰে’ ছবিৰে তেওঁ অভিষেক ঘটাইছিল। সেয়াই আছিল তেওঁৰ ছবি জগতৰ প্ৰথম যাত্ৰা। তাৰ পাছত ধৰ্মেন্দ্ৰ আৰু থমকি ৰোৱা নাছিল। ছবি জগতত তেওঁ কেইবাগৰাকী অভিনেত্ৰীৰ সৈতে কাম কৰিছে। বহুতৰ সৈতে তেওঁৰ নাম সাঙোৰ খাইছিল। কিন্তু দৰ্শকৰ পচন্দ আছিল হেমামালিনীৰ সৈতে। এই হেমামালিনীৰ সৈতে পাছলৈ ধৰ্মেন্দ্ৰই বিবাহ পাশত আৱদ্ধ হৈছিল। ধৰ্মেন্দ্ৰই কেৰিয়াৰত ৰোমান্টিকৰ পৰা আৰম্ভ কৰি একশ্যনলৈ সকলো ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে।

চিনেমা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বহু পুৰষ্কাৰো লাভ কৰিছে। ধৰ্মেন্দ্ৰৰ এটা জনপ্ৰিয় চৰিত্ৰ আছিল ‘শ্বোলে’ ছবিখনৰ বিৰু। শ্বোলেৰ উপৰি তেওঁ শ শ ছবিত অভিনয় কৰিছে। ইয়াৰোপৰি তেওঁৰ ছবিসমূহৰ ভিতৰত- জুগনু, ৰশম কি দোৰী,ছাজিছ, আজাদ, ড্ৰিম গাৰ্ল, য়ামালা পগালা দিৱানা, লোহা, অগ্নি মোৰ্চা, হিম্মতৱাৰ আদি।

 

অন্য খবৰ পঢ়কঃ ১৮ বছৰীয়া যুৱতীৰ সৈতে কি কৰিছিল ৬৩ বছৰীয়া জগত সিঙে? পোহৰলৈ কু-কাণ্ড…