আছিল গৰ্ভৱতী! ১৮ বছৰীয়া যুৱতীৰ সৈতে কি কৰিছিল ৬৩ বছৰীয়া জগত সিঙে? পোহৰলৈ কু-কাণ্ড…
তিতাবৰত সংঘটিত এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এটা চেপ্টিক টেংকৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৪জনকৈ লোক। এই ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে।
এক ভয়ংকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই জোকাৰি হৈছে সমগ্ৰ অসম। চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা যুৱতী এগৰাকীৰ মৃতদেহ চেপ্টিক টেংকৰ পৰা উদ্ধাৰ হয়। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত জগত সিং, তেওঁৰ ২ পুত্ৰ জীৱন সিং, কিষাণ সিং আৰু ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ। যোৰহাটৰ তিতাবৰত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, মৃত ছাত্ৰীগৰাকী ৭-৮ মাহৰ গৰ্ভৱতী আছিল। ৬৩ বছৰীয়া জগত সিঙৰ কু-কাণ্ডৰ বলি হৈছিল যুৱতীগৰাকী। এইগৰাকী যুৱতীক লগত লৈ গৰ্ভপাত কৰাবলৈ তেওঁ চিকিৎসকৰ ওচৰলৈ গৈছিল। কিন্তু শেষত বৃদ্ধ জগত সিঙে যুৱতীগৰাকীক হত্যা কৰি চেপ্টিক টেংকত লুকাই থৈ দিয়ে। আজি পুৱা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।
যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, “আমি ৭ নৱেম্বৰত যুৱতীগৰাকীৰ নিৰুদ্দেশৰ গোচৰ লাভ কৰিছিলো। ৮ নৱেম্বৰত মূল অভিযুক্তক আটক কৰা হয়। প্ৰথম অৱস্থাত তেওঁ একো কোৱা নাছিল। কিন্তু থানাৰ ভিতৰতে তেওঁ চৰম পন্থা গ্ৰহণ কৰাৰ চেষ্টা কৰিছিল। তাৰ মাজতে পোহৰলৈ আহে যে মূল অভিযুক্তই যুৱতীগৰাকীক চিকিৎসকৰ ওচৰলৈ গৰ্ভপাত কৰাবলৈ লৈ গৈছিল। ফাৰ্মাচিষ্টৰ সহায় লৈছিল। এনেকৈ তেওঁ গৰ্ভপাতৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল। যুৱতীগৰাকীৰ বান্ধৱীৰ পৰা লাভ কৰা ভাষ্য অনুসৰি ভুক্তভোগী প্ৰায় ৭-৮ মাহৰ গৰ্ভৱতী আছিল”।
আৰক্ষী বিষয়াগৰাকীয়ে আৰু কয় যে, “বহু সোধা পোছাৰ অন্তত মূল অভিযুক্ত ভাগি পৰে আৰু অপৰাধ স্বীকাৰ কৰে। তেওঁ কয় যে, হত্যাকাণ্ড সংঘটিত কৰি যুৱতীগৰাকীৰ মৃতদেহ শৌচাগাৰৰ টেংকীত পুতি থৈছিল। অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত অৱশেষত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। মৃত্যুৰ সময়ত যুৱতীগৰাকীৰ বয়স আছিল ১৮ বছৰ ২ মাহ। যিহেতু তেওঁ ৭-৮ মাহৰ গৰ্ভৱতী আছিল সেয়ে এই গোচৰ হত্যাৰ লগতে পকচোৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে”।
জগত সিঙৰ কু-কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে শ শ মানুহ। ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে। যুৱতীগৰাকীৰ সৈতে কেতিয়া ধৰ্ষণ হৈছিল বা কি হৈছিল সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ মাত্ৰ ১০০ টকা! এতিয়াৰ পৰা সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ…