শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যোগেই আছিল উপাৰ্জনৰ একমাত্ৰ পথ! এইগৰাকী অভিনেত্ৰীৰ ২ খন ছবিয়ে উপাৰ্জন কৰিলে ২৪০০ কোটি টকা …

মনোৰঞ্জন জগতৰ এগৰাকী অভিনেত্ৰীয়ে চলচ্চিত্ৰত প্ৰৱেশ কৰাৰ আগতে যোগাসনৰ শিক্ষা প্ৰদান কৰি ধন উপাৰ্জন কৰিছিল। কিন্তু এজন ডাঙৰ পৰিচালকৰ পৰা অহা এটা ফোনে তেওঁৰ ভাগ্য সলনি কৰি দিলে। অভিনেত্ৰীগৰাকীক এখন ডাঙৰ ছবিৰ প্ৰস্তাৱ দিয়াত তেওঁ উদ্যোগটোৰ অন্যতম শীৰ্ষ অভিনেত্ৰী হিচাপে পৰিগণিত হয়। তেওঁক চিনি পাই নে?

যোগেই আছিল উপাৰ্জনৰ একমাত্ৰ পথ! এইগৰাকী অভিনেত্ৰীৰ ২ খন ছবিয়ে উপাৰ্জন কৰিলে ২৪০০ কোটি টকা …
অভিনেত্ৰী অনুষ্কা শ্বেট্টী
trishna-kalita
Trishna Kalita | Updated On: 21 Jun 2025 15:26 PM

ভাগ্য সঁচাই আচৰিত…কাৰ কেতিয়া ভাগ্য সলনি হয় কোনেও নাজানে। প্ৰায়ে আমি এনে বহু কাহিনী শুনিবলৈ পাওঁ য’ত মানুহে শূন্য পৰা আৰম্ভ কৰি কোটি কোটি টকাৰ ধন-সম্পত্তিৰ মালিক হয়। এই সকলোবোৰ সম্ভৱ তেতিয়াহে যেতিয়া ভাগ্যই আপোনাক সমৰ্থন কৰিব। তেনে এগৰাকী অভিনেত্ৰী আছে যিয়ে কেতিয়াও ভবা নাছিল যে তেওঁৰ ভাগ্যই এনে ৰূপ ল’ব। য’ত তেওঁ মনোৰঞ্জন জগতৰ এগৰাকী শীৰ্ষ অভিনেত্ৰী হৈ পৰিব। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ আগতে অভিনেত্ৰীগৰাকীয়ে যোগাসনৰ শিক্ষা দি জীৱিকা নিৰ্বাহ কৰিছিল যদিও ছবিত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ দক্ষিণৰ শীৰ্ষ অভিনেত্ৰী হিচাপে পৰিগণিত হয়।

তেওঁ হ’ল দক্ষিণৰ অভিনেত্ৰী অনুষ্কা শ্বেট্টী। অনুষ্কা শ্বেট্টী দক্ষিণৰ এটা ডাঙৰ নাম। দক্ষিণৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি দিছে অনুষ্কাই । ১৯৮১ চনৰ ৭ নৱেম্বৰত জন্মগ্ৰহণ কৰা অনুষ্কাই চিনেমাৰ জগতলৈ অহাৰ পূৰ্বে যোগ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। আগতে তেওঁ মানুহক যোগাসন শিকাইছিল। এবাৰ অনুষ্কাই সদায়ৰ দৰে যোগাসন শিকাই আছিল, তেতিয়াই পৰিচালক মেহেৰ ৰমেশে তেওঁক দেখিলে। পৰিচালকে অনুষ্কাক প্ৰথম দৃষ্টিত ভাল পাইছিল আৰু তেওঁ অনুষ্কাক চিনেমাত কাম কৰাৰ প্ৰস্তাৱ দিছিল।

সেই এটা সুযোগে অনুষ্কাক যোগ প্ৰশিক্ষকৰ পৰা পোনপটীয়াকৈ নায়িকা কৰি তুলিলে। অনুষ্কাৰ বাবে মেহেৰ ৰমেশে পুৰী জগন্নাধৰ লগত কথা পাতিলে । তেওঁ মান্তি হ’ল আৰু অনুষ্কাই অভিনয় কৰাৰ সুযোগ পালে। ২০০৫ চনত অনুষ্কা শৰ্মাৰ প্ৰথমখন ছবি ‘ছুপাৰ’-এ মুক্তি লাভ কৰে। যদিও তেওঁৰ প্ৰথমখন ছবিয়ে বক্স অফিচত বিশেষ একো কৰিব পৰা নাছিল। তাৰ পিছত অনুষ্কাই ‘মহানদী’ত কাম কৰাৰ সুযোগ পালে। কিন্তু যেতিয়া তেওঁৰ শুই থকা ভাগ্যই সাৰ পালে, সকলোৱে তেওঁৰ সফলতালৈ মাথোঁ চাই থাকিল। এদিন পৰিচালক এছ এছ ৰাজামৌলিয়ে অনুষ্কাক ফোন কৰিলে। এই এটা ফোনে গোটেই খেলখন সলনি কৰি দিলে।

অনুষ্কাৰ ছবি দুখনে ২৪০০ কোটি টকা উপাৰ্জন কৰে

চাউথৰ ডাঙৰ পৰিচালক ৰাজামৌলীয়ে তেওঁৰ ব্লকবাষ্টাৰ ছবি ‘বাহুবলী’ত দেৱসেনাৰ চৰিত্ৰৰ বাবে অনুষ্কা শৰ্মাৰ সৈতে কথা পাতিছিল। লগে লগে তেওঁ মান্তি হয় আৰু অভিনেত্ৰীগৰাকীয়ে দেৱসেনাৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে হৃদয় জয় কৰে। ‘বাহুবলী’ ছবিখনত দেৱসেনাৰ চৰিত্ৰটোৱে ৰাইজৰ যথেষ্ট মৰম লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ‘ৰুদ্ৰাদেৱী’, ‘অৰুন্ধতী’, ‘বেদম’ আদি ব্লকবাষ্টাৰ ছবিতো কাম কৰিছিল। বাহুবলী আৰু বাহুবলী ২য়ে একেলগে ২৪০০ কোটি টকাৰ বৃহৎ সংগ্ৰহ লাভ কৰাটো কোনো গোপন কথা নহয়। এতিয়া অনুষ্কাৰ মুঠ সম্পত্তি ১৪০ কোটি বুলি কোৱা হৈছে।