বিপদত দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা! গ্ৰেপ্তাৰ হ’ব নেকি?
বিপদত পৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা । খবৰ অনুসৰি অভিনেতাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানত দাখিল কৰা হৈছে এজাহাৰ। এপ্ৰিল মাহত তেওঁ এটা বিবৃতি দিছিল, তাৰ পিছত তেওঁৰ বিৰুদ্ধে জনজাতীয় সমাজৰ জনসাধাৰণক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল।

‘ৰেট্ৰ’’ ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টত দিয়া বক্তব্যৰ বাবে বিজয় দেৱেৰাকোণ্ডাক পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰা দেখা গৈছে। সেই সময়ত তেওঁৰ বিৰুদ্ধে হায়দৰাবাদৰ আৰ.এছ. নগৰ থানাত থানত এজাহাৰ দাখিল কৰা হৈছিল। এতিয়া আকৌ এবাৰ তেওঁৰ একেটা পুৰণি বক্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। বিজয়ৰ বিৰুদ্ধে আদিবাসীক অপমান কৰাৰ অভিযোগত ৰাইদুৰ্গম থানাত গোচৰ ৰুজু কৰা হৈছে।
জনজাতি জনগোষ্ঠীৰ নেতা অশোক কুমাৰ ৰাথোদে বিজয়ৰ এই বক্তব্য জনজাতি জনগোষ্ঠীক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে জনোৱা মতে, বিজয়ৰ বিৰুদ্ধে SC/ST (Prevention of Atrocities) Act ৰ ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে। সমগ্ৰ বিষয়টো কি জানো আহক।
আচলতে বিজয় দেৱেৰাকোণ্ডাই ২৬ এপ্ৰিলত সূৰ্য্যৰ ছবি ‘ৰেট্ৰ’’ৰ অডিঅ’ লঞ্চ ইভেণ্টত অংশ লৈছিল। তাত পহলগাম আক্ৰমণ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “কাশ্মীৰত যিয়েই নহওক কিয়, তাৰ সৈতে মোকাবিলা কৰাৰ এটাই উপায় আছে, সেয়া হ’ল তেওঁলোকক শিক্ষিত কৰা আৰু তেওঁলোকক যাতে কোনেও ব্ৰেইনৱাছ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কাশ্মীৰ ভাৰতৰ আৰু কাশ্মীৰীসকল আমাৰ। ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ প্ৰয়োজনো নাই। তাত থকা জনসাধাৰণে (পাকিস্তানী) নিজে নিজৰ চৰকাৰক লৈ বিচলিত আৰু যদি এনেদৰে চলি থাকে, তেন্তে তেওঁলোকে চৰকাৰক আক্ৰমণ কৰিব।”
বিজয়ে নিজৰ বক্তব্যত আৰু কয়, “ তেওঁলোকে সেইদৰেই আচৰণ কৰে যিদৰে ৫০০ বছৰ পূৰ্বে জনজাতিসকলে কোনো জ্ঞান নোহোৱাকৈ কৰিছিল ।” তেওঁৰ এই বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তেওঁ আদিবাসীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে ইয়াৰ পিছত স্পষ্টীকৰণ দিছিল বিজয়ে ।
স্পষ্টীকৰণত তেওঁ কয়, “মই ঐতিহাসিক আৰু অভিধানৰ প্ৰেক্ষাপটত ‘জনজাতি’ শব্দটো ব্যৱহাৰ কৰিছিলো। সেই সময়ছোৱাক লৈ যেতিয়া সমগ্ৰ বিশ্বৰ মানুহক জনজাতি আৰু বংশত বিভক্ত হৈ আছিল। মোৰ বক্তব্যত ভাৰতৰ অনুসূচিত জনজাতি শ্ৰেণীটোৰ কথা কোৱা হোৱা নাছিলো, যিটো উপনিবেশিক আৰু তাৰ পিছত চিনাক্ত কৰা হৈছিল। ইয়াক আনুষ্ঠানিকভাৱে ২০ শতিকাৰ মাজভাগত সংজ্ঞায়িত কৰা হৈছিল, যিটোৱে এতিয়াও ২০ বছৰ সম্পূৰ্ণ কৰা নাই।”