কলেজৰ মাচুল দিব পৰা নাই! পিতৃৰ সম্পত্তি দাবী কৰি আদালতৰ কাষ চাপিল কৰিশ্মাৰ দুই সন্তান…
Karishna Kapoor: প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পাছতে বিশেষ চৰ্চাত আছে অভিনেত্ৰী কৰিশ্মা কাপুৰ। এইবাৰ তেওঁৰ সন্তান আদালতত এক বিশেষ আবেদন দাখিল কৰিছে। য'ত পিতৃৰ সম্পত্তিৰ কথা উল্লেখ কৰিছে।
প্ৰাক্তন স্বামীৰ মৃত্যুৰ পাছত সম্পত্তিৰ বিবাদত সোমাই পৰিছে অভিনেত্ৰী কৰিশ্মা কাপুৰ। অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পাছত তেওঁৰ বিপুল সম্পত্তিক লৈ নতুন আইনী সমস্যাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ সঞ্জয়ৰ প্ৰাক্তন পত্নী কৰিশ্মা কাপুৰৰ দুটা সন্তান সমইৰা আৰু কিয়ানে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ পিতৃৰ শেষ উইলখন ভুৱা আৰু বিভ্ৰান্তিকৰ।
জানিব পৰা মতে, সঞ্জয়ৰ তৃতীয় পত্নী প্ৰিয়া কাপুৰক উইল অনুসৰি সম্পত্তিৰ প্ৰাথমিক হিতাধিকাৰী হিচাপে উল্লেখ কৰা হৈছে। আবেদন দাখিল কৰি কৰিশ্মাৰ দুই সন্তানে আৰ্থিক সংকটৰ কথা উল্লেখ কৰে। তেওঁলোকে কয় যে, আৰ্থিক সংকটৰ বাবে যোৱা ২ মাহ তেওঁলোকে কলেজৰ মাচুল দিব পৰা নাই। এই কথা শুনি আচৰিত হৈ পৰে ন্যায়াধীশ। ক্ষোভিত হৈ ন্যায়াধীশগৰাকীয়ে কয় যে,”মই এই বিষয়ত ৩০ ছেকেণ্ড সময়ো খৰচ কৰিবলৈ ইচ্ছুক নহয়। মই ইয়াত কোনো মেলোড্ৰামা নিবিচাৰো।”
অধিবক্তাৰ জৰিয়তে কৰিশ্মা কাপুৰৰ সন্তানে আদালতত কয় যে তেওঁলোকে যি উইলৰ কথা উল্লেখ কৰিছে তাত নাম, ঠিকনা আৰু সম্পত্তিৰ সঠিক তথ্য নাই। তেওঁলোকে দাবী কৰে যে ইমান গুৰুত্বপূৰ্ণ নথি এখনত একাধিক বিসংগতিৰ অৰ্থ হ’ল ইয়াৰ সত্যতা পৰীক্ষা কৰাটো প্ৰয়োজন। সেইবাবেই তেওঁলোকে আদালতৰ হস্তক্ষেপ বিচাৰিছে আৰু সম্পত্তি বিতৰণৰ স্বচ্ছ তদন্তৰ দাবী জনাইছে।
আনহাতে, প্ৰিয়া কাপুৰে আদালতত কয় যে বাকীসকলে ইতিমধ্যে পৰিয়াল ট্ৰাষ্টৰ জৰিয়তে উক্ত সম্পত্তি লাভ কৰিছে। সঞ্জয় কাপুৰৰ বৈধ উইল অনুসৰি তেওঁ সম্পত্তিৰ অধিকাৰী আৰু অভিযোগকাৰীৰ দাবী সম্পূৰ্ণ ভিত্তিহীন । ইয়াৰ পাছতে সঞ্জয়ৰ মৃত্যুৰ তাৰিখলৈকে তেওঁৰ মালিকানাধীন সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বিশদ তালিকা দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিছে।
অন্য খবৰ পঢ়কঃ আকাৰ বৃদ্ধি কৰিব বিপদত! স্তন সৰু কৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি ছাৰ্লিন চোপ্ৰা…