শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আকাৰ বৃদ্ধি কৰিব বিপদত! স্তন সৰু কৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি ছাৰ্লিন চোপ্ৰা…

Sherlyn Chopra: প্ৰায়ে চৰ্চাত থাকে অভিনেত্ৰী ছাৰ্লিন চোপ্ৰা। ২০২৩ চনৰ আগষ্ট মাহত মুখৰ পৰা সকলো ফিলাৰ আঁতৰাই পেলাইছিল। এতিয়া পুনৰ তেওঁ স্তন ইমপ্লাণ্ট আঁতৰাই পেলাইছে। শেহতীয়াকৈ এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰিছে তেওঁ।

আকাৰ বৃদ্ধি কৰিব বিপদত! স্তন সৰু কৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি ছাৰ্লিন চোপ্ৰা…
ছাৰ্লিন চোপ্ৰাImage Credit source: Facebook (sherlyn chopra)
barasha-sarma
Barasha Sarma | Updated On: 13 Nov 2025 11:50 AM

বলীউডৰ অন্যতম এটি চৰ্চিত নাম ছাৰ্লিন চোপ্ৰা। বিভিন্ন সময়ত ছাৰ্লিন লুকৰ বাবে হওক বা অন্য কাৰণত, চৰ্চাত থাকে। এতিয়া পুনৰ তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এইবাৰ কোনো ভাইৰেল ভিডিঅ’ বা বিতৰ্কিত মন্তব্যৰ বাবে নহয়। আচলতে ছাৰ্লিনে জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ১১ নৱেম্বৰত ছাৰ্লিনে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ স্তন ইমপ্লাণ্ট আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।  চিকিৎসকৰ পৰামৰ্শমতে মঙলবাৰে হয় অস্ত্ৰোপচাৰ।

অভিনেত্ৰীগৰাকীয়ে কয়, ”বিগত কেইটামান মাহৰ পৰা মোৰ পিঠি, ডিঙি, বুকু, কান্ধ আদিত তীব্ৰ বিষ হৈ আছিল। বিভিন্ন পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে এই বিষৰ মূল কাৰণ মোৰ গধুৰ ইমপ্লাণ্ট। মই মোৰ স্বাস্থ্য আৰু স্বাভাৱিক শৰীৰৰ শক্তি ঘূৰাই পোৱাৰ উদ্দেশ্যে স্থায়ীভাৱে স্তন ইমপ্লাণ্ট আঁতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ  কৰো”। অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে, ”মই অলপ চিন্তিত আৰু কিছু উৎসাহিতও। এই অতিৰিক্তি বোজা নোহোৱাকৈ মই মোৰ নতুন জীৱনলৈ ঘূৰি অহাৰ বাবে অপেক্ষাৰত। ভগৱানে মোক আৰু চিকিৎসকসকলক আশীৰ্বাদ কৰক”।

 

View this post on Instagram

 

A post shared by Sherlyn Chopra (@_sherlynchopra_)

জানিব পৰা মতে, ইতিমধ্যে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। ইয়াৰ পাছত তেওঁ নিজেই সুস্থ হোৱাৰ খবৰো শ্বেয়াৰ কৰে। তেওঁ ইনষ্টাগ্ৰামৰ ষ্টৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে- ফিলিং লাইটাৰ।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ আগষ্ট মাহত ছাৰ্লিনে মুখৰ পৰা সকলো ফিলাৰ আঁতৰাই পেলাইছিল। তেওঁ নিজৰ আগৰ ৰূপলৈ ঘূৰি অহাৰ বাবে বহু হতাশো হৈছিল। কিন্তু এইবাৰ স্তন ইমপ্লাণ্ট আঁতৰাই তেওঁ বহু সকাহ অনুভৱ কৰিছে। ছাৰ্লিনে স্পষ্টভাৱে কৈছে যে, তেওঁৰ সিদ্ধান্ত কোনো কাৰণতে ইমপ্লাণ্ট বা ফিলাৰ ব্যৱহাৰৰ বিৰোধী নহয়। এই সিদ্ধান্ত সম্পূৰ্ণ ব্যক্তিগত। কেৱল মাত্ৰ শাৰীৰিক দুৰ্বলতাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অন্য খবৰ পঢ়কঃ ছলমান খানৰ ফাৰ্ম হাউচত ৩ নিশা কটালে শ্বেহনাজ গিলে! ক’লে, কি কৰিছিল অভিনেতাগৰাকীয়ে…