5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আলমত নিৰ্মাণ হৈছে নেকি ‘জয় হনুমেন’? জানক ছবিখনৰ মুক্তিৰ তাৰিখ

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। শেহতীয়াকৈ বিদুৰভাইৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে হিমাংশু প্ৰসাদ দাসৰ ব্যতিক্ৰমধৰ্মী কাহিনীৰে 'জয় হনুমেন'। কি হ'ব ছবিখনৰ কাহিনী জানক...

barasha-misra
Barasha Misra | Updated On: 21 Aug 2024 19:20 PM
হনুমান নহয়,কান্ধত গদা লৈ শীঘ্ৰে আহি আছে 'জয় হনুমেন'। ‘গৰু’, ‘বুলু ফিল্ম’ৰ পিছত এইবাৰ দৰ্শককে চাবলৈ পাব হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি 'জয় হনুমেন'।

1 / 5
আপুনি হয়টো স্পাইডাৰ মেন, ছুপাৰ মেন, বেটছমেনৰ কাহিনী বহুত শুনিছে কিন্তু হনুমেনৰ কথা শুনা নাই। অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷

2 / 5
ছবিখনত দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেবাখনো চিনাকী মুখ ৷ অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক।

3 / 5
‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷

4 / 5
এতিয়া সকলোৰে মাজত কৌতুহল সৃষ্টি হৈছে চিনেমাখনৰ কাহিনীক লৈ । বিভিন্নজনে ক'ব বিচাৰে যে এয়া SI জোনমণি ৰাভাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, আন কাৰোবাৰ মতে এয়া এজন হনুমান ভক্তৰ ওপৰত আধাৰিত কাহিনী। এই সকলো কৌতুহলৰ সমাপ্তি ঘটিব মাথোঁ ১৮ অক্টোবৰত।

5 / 5
Follow Us
Latest Stories