পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণকলৈ চৰকাৰৰ একচন চলি থকাৰ সময়তে কিয় ১৭ বছৰ পুৰণি ছবিৰ দৃশ্যাংশ ভাইৰেল?
পহলগাম আক্ৰমণৰ বেদনাদায়ক ছবিৰে উপচি পৰিছে ছ’চিয়েল মিডিয়া। ইফালে ২০০৮ চনৰ ‘শৌৰ্য’ ছবিৰ এটা দৃশ্য দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই দৃশ্যটো প্ৰায় ১৭ বছৰ পুৰণি যদিও দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দৃশ্যটোৱে সঠিকভাৱে বুজাইছে যে একচনৰ কি গুৰুত্ব।

২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাই সকলোকে জোকাৰি গৈছে। পহলগামত সন্ত্ৰাসবাদীয়ে ৰাজহুৱাভাৱে হত্যা কৰিলে প্ৰায় ২৮ জন নিৰীহ লোকক। এই লোকসকল আছিল উপত্যকাটো দৰ্শন কৰিবলৈ অহা পৰ্যটক। এই আক্ৰমণত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে। সকলোৰে অন্তৰত এটা কথাই আছে যে দোষীক সোনকালে শাস্তি দিব লাগে। ইফালে কে কে মেননৰ এটা দৃশ্য ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।
পহলগাম আক্ৰমণৰ বেদনাদায়ক ছবিৰে উপচি পৰিছে ছ’চিয়েল মিডিয়া। ইফালে ২০০৮ চনৰ ‘শৌৰ্য’ ছবিৰ এটা দৃশ্য দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই দৃশ্যটো প্ৰায় ১৭ বছৰ পুৰণি যদিও দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দৃশ্যটোৱে গুৰুত্ব লাভ কৰিছে।
২০০৮ চনত মুক্তি লাভ কৰিছিল ছবিখনে
এই দৃশ্যত কে কে মেননক ক’ৰ্টত দেখা যায়। এই ছবিখন ২০০৮ চনত মুক্তি লাভ কৰিছিল। ৰাহুল বসু আৰু কে.কে. মেননে এই ছবিখনত সুন্দৰ অভিনয় কৰিছিল। তেনে এক ঘটনাস্থলীত কে কে মেননক জেৰা চলিছিল। ছবিখনৰ এই দৃশ্যটো যথেষ্ট ভাইৰেল। দৃশ্যটোত কে কেৰ একক কথন দেখা গৈছে, যিটো ৰাইজে বহুত ভাল পাইছে। এই ছবিখনত কে কে ব্ৰিগেডিয়াৰ ৰুদ্ৰ প্ৰতাপ সিঙৰ চৰিত্ৰত অভিনয় কৰিছে। এই দৃশ্যত ৰুদ্ৰৰ বিৰুদ্ধে এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
সেনা বিষয়াৰ ভূমিকা পালন
দৃশ্যটোত কে কেৰ চৰিত্ৰটোৱে বুজাইছে যে কেনেকৈ সেনা বিষয়াসকলে প্ৰতিদিনে নিজৰ জীৱনৰ সৈতে সংগ্ৰাম কৰি দেশখনক ৰক্ষা কৰে। তেওঁ বুজাইছে যে কেতিয়াবা দায়িত্বশীল লোকে কঠোৰ ব্যৱস্থা নল’লে তেওঁ নিজেই ব্যৱস্থা ল’ব লগা হয়। কে কেৰ চৰিত্ৰটোৱে সন্ত্ৰাসবাদীৰ সন্দৰ্ভত এক অতি শক্তিশালী একক বক্তব্য আগবঢ়াইছে। এটা ঘটনাৰ পিছত তেওঁ ইমানেই সলনি হয় যে তেওঁ নিৰ্দয় হৃদয়ৰ লোক হৈ পৰে। এই ছবিখন ইউটিউবত চাব পাৰিব।