শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰণবীৰ কাপুৰ কণ্ডম কোম্পানীৰ মুখ হোৱা উচিতঃ দীপিকা পাডুকন

এসময়ত অতি চৰ্চিত আছিল অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক। দীপিকাৰ মতে, ৰণবীৰ কেতিয়াও সম্পৰ্কক লৈ চিৰিয়াছ নাছিল।

ৰণবীৰ কাপুৰ কণ্ডম কোম্পানীৰ মুখ হোৱা উচিতঃ দীপিকা পাডুকন
ৰণবীৰ-দীপিকাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 15 Jul 2025 09:39 AM

অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী দীপিকা পাডুকনৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সকলো জ্ঞাত। দীপিকাই মুকলিকৈ কৈ আহিছে যে, সম্পৰ্কত থকাৰ সময়চোৱাত ৰণবীৰ কেতিয়াও চিৰিয়াছ নাছিল। আনকি দীপিকাই তেওঁৰ বাবে ডিপ্ৰেশ্যনৰ বলি হৈছিল। দীপিকাই প্ৰায় মুকলিকৈ তেওঁলোকৰ সম্পৰ্কৰ ভাঙি যোৱাৰ কাৰণ ৰণবীৰ বুলি ক’ব খোজে। ৰণবীৰ আৰু দীপিকাই দীৰ্ঘসময় ধৰি সম্পৰ্কত আছিল আৰু পাছত তেওঁলোকৰ মাজত বিচ্ছেদ হৈছিল। বৰ্তমান তেওঁলোক ভাল বন্ধু।

কিন্তু ৰণবীৰ-দীপিকাৰ সম্পৰ্কক ফাঁট মেলাৰ কাৰণ ৰণবীৰ বুলিয়ে ক’ব নোৱাৰি। ৰণবীৰ কাপুৰ ঘূৰি আহিব বিচাৰিছিল কিন্তু দীপিকাই মানি লোৱা নাছিল। প্ৰথমবাৰ ৰণবীৰ কাপুৰৰ বাবেই দুয়োৰে সম্পৰ্কত ফাঁট মেলিছিল আৰু পাছলৈ বিচ্ছেদ হৈছিল। প্ৰথম অৱস্থাত ৰণবীৰ সম্পৰ্কক লৈ একেবাৰেই চিৰিয়াছ নাছিল। কিন্তু বিচ্ছেদৰ পাছত তেওঁ পুনৰ ঘূৰি অহাৰ কথা কৈছিল। ৰণবীৰে দীপিকাক কৈছিল যে, তেওঁ সকলো সমস্যা ঠিক কৰিব। তেওঁ কৈছিল, “মই মোৰ সকলো ভুল, বেয়া ঠিক কৰিম। এই সম্পৰ্ক মই বিচাৰো”।

এক সাক্ষাৎকাৰত দীপিকাই কৈছিল যে, ৰণবীৰে সম্ভৱতঃ শাৰীৰিক সম্পৰ্কৰ বাবে ঘূৰি আহিব বিচাৰিছিল আৰু সকলো ভুল ঠিক কৰাৰ কথা কৈছিল। কিন্তু তেতিয়া দীপিকাই সকলো বুজিব পাৰিছিল আৰু ৰণবীৰৰ কথাত মান্তি হোৱা নাছিল। এবাৰ ‘কফী উইথ কৰণ’ত অংশগ্ৰহণ কৰি দীপিকাই খঙেৰে কৈছিল যে “ৰণবীৰ কণ্ডম কোম্পানীৰ মুখ হ’ব লাগে”। সেই সময়ত দীপিকাৰ সৈতে সোণম কাপুৰো আছিল।

এয়া বহু সময় আগৰ কথা। আলিয়া ভটৰ সৈতে বিয়াৰ পাছত ৰণবীৰ কাপুৰ বহু পৰিমাণে সলনি হোৱা বুলি একাংশই কয়। বৰ্তমান আলিয়াৰ সৈতে সুখী জীৱন যাপন কৰি আছে ৰণবীৰে। তেওঁলোকৰ এটি কন্যা সন্তান আছে। আনহাতে দীপিকাইও ৰণবীৰ সিঙৰ সৈতে সুখী। তেওঁলোকৰ এটি কন্যা সন্তান আছে। এনে ক্ষেত্ৰত দীপিকা আৰু ৰণবীৰৰ মাজত এতিয়া ভাল বন্ধুত্ব থকা বুলি কব পাৰি।

 

 

অন্য খবৰ পঢ়কঃ ঐশ্বৰ্য ৰায়ে বিয়াত লাভ কৰা আটাইতকৈ দামী উপহাৰ কি জানেনে? দাম শুনিলে আচৰিত হ’ব আপুনি…