শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰায় ৫০০ কোটি টকা! হেমাৰ দুই কন্যাই ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ পৰা কি বিচাৰে? ক’লে নিজেই…

কিছুদিন পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰই। ইয়াৰ পাছতে চৰ্চালৈ আহিছে তেওঁৰ সম্পত্তি। প্ৰশ্ন হয়, ধৰ্মেন্দ্ৰৰ দুই কন্যা ইছা আৰু আহানাই কি বিচাৰে?

প্ৰায় ৫০০ কোটি টকা! হেমাৰ দুই কন্যাই ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ পৰা কি বিচাৰে? ক’লে নিজেই…
ধৰ্মেন্দ্ৰ-হেমামালিনী
barasha-sarma
Barasha Sarma | Published: 27 Nov 2025 11:40 AM

প্ৰায় সকলোৰে অজ্ঞাতে বলীউডৰ নায়ক ধৰ্মেন্দ্ৰৰ শেষকৃত সম্পন্ন হয়। অনুৰাগীসকলে প্ৰিয় অভিনেতাজনক শেষৰবাৰ দেখাৰো সুযোগ লাভ নকৰিলে। যাৰ বাবে একাংশ অনুৰাগীৰ মাজত দেউল পৰিয়ালক লৈ ক্ষোভ দেখা গৈছে। ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ দুই কন্যা ইছা দেউল আৰু অহনা দেউলৰ এটা পুৰণি ভিডিঅ’।য’ত তেওঁলোকে পিতৃৰ সম্পত্তিৰ বিভাজনৰ বিষয়ে স্পষ্ট মন্তব্য কৰিছে।

কেইবাবছৰ বলীউডত দপদপাই ফুৰা ধৰ্মেন্দ্ৰই ৰেষ্টুৰেন্টৰ ব্যৱসায়ো কৰিছিল। এই ৰেষ্টুৰেন্টখনৰ নাম আছিল হিমেন। মুম্বাইৰ লোনাভলাত ১০০ একৰ মাটিত নিৰ্মাণ কৰা হৈছে ধৰ্মেন্দ্ৰৰ বিলাসী ফাৰ্ম হাউচ। যাৰ আনুমানিক মূল্য ১২০ কোটি টকা। ইয়াৰ লগতে মুম্বাইৰ বিভিন্ন স্থানত ধৰ্মেন্দ্ৰৰ বহু সা-সম্পত্তি আছে। ইয়াৰ ভিতৰত বিলাসী বাংলো, ৰিজৰ্ট আদি অন্যতম।

তথ্য অনুসৰি, মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত ঘৰ-মাটিকে ধৰি ১৭ কোটি টকাৰ সম্পত্তি আছে ধৰ্মেন্দ্ৰৰ। কৃষিযোগ্য আৰু সাধাৰণ ভূমিৰ আনুমানিক মূল্য প্ৰায় ১.৪ কোটি টকা। ধৰ্মেন্দ্ৰৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০০ কোটি। কিন্তু এই সম্পত্তিৰ এটা অংশও হেমামালিনীয়ে লাভ নকৰে। সূত্ৰ অনুসৰি, ধৰ্মেন্দ্ৰই প্ৰথম পত্নী প্ৰকাশ কৌৰৰ সৈতে কেতিয়াও বিবাহ বিচ্ছেদ কৰা নাছিল। সেয়া ধৰ্মেন্দ্ৰই বিচৰা নাছিল। প্ৰথম পত্নী থকাৰ পাছতো ধৰ্মেন্দ্ৰই হেমা মালিনীৰ সৈতে বিয়াত বহিছিল। তেনেস্থলত হিন্দু নিয়ম অনুসৰি ধৰ্মেন্দ্ৰ-হেমাৰ বিবাহ অবৈধ। যাৰ বাবে হেমাই কোনো সম্পত্তি লাভ নকৰে।

কি বিচাৰে?

কিন্তু হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ কন্যা ইছা আৰু আহানাাই পিতৃৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব। গতিকে প্ৰশ্ন হয়, দুই কন্যাই পিতৃৰ সম্পত্তিৰ পৰা কি বিচাৰে? ভাইৰেল হোৱা এটা পুৰণি সাক্ষাৎকাৰত ইছা আৰু আহানাই কৈছে যে তেওঁলোকে পিতৃৰ সম্পত্তিৰ পৰা মাত্ৰ ফিয়েট গাড়ীখন বিচাৰে। কিয়নো সেই গাড়ীখনৰ সৈতে তেওঁলোকৰ শৈশৱৰ বহু স্মৃতি জড়িত হৈ আছে। ইমানেই নহয়,এই ফিয়েট গাড়ীখনেই আছিল ধৰ্মেন্দ্ৰই নিজৰ ধনেৰে কিনা প্ৰথমখন গাড়ী।

 

অন্য খবৰ পঢ়কঃ সাময়িকভাৱে কিয় ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? জানক আঁৰৰ কাৰণ…