শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সাময়িকভাৱে কিয় ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? জানক আঁৰৰ কাৰণ…

Dharmendra-Hemamalini Religion: ধৰ্মেন্দ্ৰৰ ব্যক্তিগত জীৱন চৰ্চাৰ পৰা সাৰি যোৱা নাছিল। ধৰ্মেন্দ্ৰই প্ৰথম পত্নীৰ সৈতে থকাৰ সময়তে হেমা মালিনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ধৰ্মেন্দ্ৰই আনকি ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল।

সাময়িকভাৱে কিয় ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? জানক আঁৰৰ কাৰণ…
Dharmendra (1)
barasha-sarma
Barasha Sarma | Published: 24 Nov 2025 15:20 PM

সকলোকে কন্দুৱাই হিন্দী চিনেমাৰ প্ৰৱীণ অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ। মুম্বাইৰ ভাইল পাৰ্লে শ্মশানত “হি-মেন” ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে বলীউডৰ বহু বিশিষ্ট তাৰকাই। অমিতাভ বচ্চন, আমিৰ খান, ছলমান খান, পত্নী হেমামালিনী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি, অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধৰ্মেন্দ্ৰৰ মৃত্যুত এতিয়া বলীউড, অনুৰাগীৰ মাজত শোকৰ ছাঁ পৰিছে।

কেৱল ছবিৰ বাবেই নহয়, ধৰ্মেন্দ্ৰৰ ব্যক্তিগত জীৱনো যথেষ্ঠ চৰ্চাত আছিল। তেওঁ দুবাৰকৈ বিয়াত বহিছিল। প্ৰথম পত্নী প্ৰকাশ কৌৰ আৰু দ্বিতীয় পত্নী হেমা মালিনী। প্ৰথম পত্নীৰ সৈতে সংসাৰ থকাৰ সময়তে ধৰ্মেন্দ্ৰই হেমা মালিনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কোৱা হয় তেওঁসেই সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।

ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ  ধৰ্ম কি

ধৰ্মেন্দ্ৰৰ জন্ম হৈছিল এটা জাট শিখ পৰিয়ালত। তেওঁৰ পিতৃ-মাতৃ শিখ। সেয়েহে ধৰ্মেন্দ্ৰৰ ধৰ্ম আছিল জাট শিখ। ইফালে হেমা মালিনীৰ জন্ম হৈছিল তামিল আয়েংগাৰ ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ মাকৰ নাম জয়া লক্ষ্মী আৰু দেউতাকৰ নাম ভি এছ আৰ চক্ৰৱৰ্তী। হেমা মালিনীয়ে হিন্দু ধৰ্ম পালন কৰে। ১৯৮০ চনত বিবাহ পাশত আৱদ্ধ হৈছিল হেমা মালিনী। তেওঁলোকৰ দুই কন্যা সন্তান আছে ইছা দেউল আৰু আহানা দেউল।

কিয় গ্ৰহণ কৰিছিল ইছলাম

কোৱা হয়, হেমা মালিনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ তেওঁ সাময়িকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। হিন্দু বিবাহ আইন অনুসৰি বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহৰ অনুমতি নাই। সেয়ে ইছলাম ধৰ্ম গ্ৰহণ  কৰি দ্বিতীয়বাৰৰ বাবে ধৰ্মেন্দ্ৰই হেমামালিনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। আইনী উদ্দেশ্যত ধৰ্মেন্দ্ৰই নাম সলনি কৰি দিলাৱাৰ খান কৰি লৈছিল। কিন্তু এয়া কিছু সময়ৰ বাবেহে আছিল। ধৰ্মেন্দ্ৰই স্পষ্টকৈ কৈছিল যে, তেওঁ ধৰ্ম পৰিৱৰ্তন কৰা মানুহ নহয়।

 

 

 

অন্য খবৰ পঢ়কঃ কিমান টকাৰ সম্পত্তি এৰি গ’ল ধৰ্মেন্দ্ৰই? কোনে হ’ব নতুন মালিক…