ঐশ্বৰ্য ৰায়ে বিয়াত লাভ কৰা আটাইতকৈ দামী উপহাৰ কি জানেনে? দাম শুনিলে আচৰিত হ’ব আপুনি…
বলীউডৰ এহাল চৰ্চিত দম্পতী ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন। দুয়োৰে বিয়া অতি ধুমধামেৰে পতা হৈছিল। এই বিয়াত তেওঁলোকে সবাতোকৈ দামী উপহাৰ কি লাভ কৰিছিল জানেনে?

বলীউডৰ এহাল জনপ্ৰিয় দম্পতী অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন। কিছুদিন পূৰ্বে দম্পতীহাল বিবাহ বিচ্ছেদৰ বাবে চৰ্চাত আছিল। একাংশই দাবী কৰিছিল যে দুয়োৰে সম্পৰ্কত ফাঁট মেলিছে আৰু বিবাহ বিচ্ছেদ হ’ব পাৰে। কিন্তু আজি পৰ্যন্ত এই সন্দৰ্ভত কোনো মত প্ৰকাশ নকৰিলে অভিষেক আৰু ঐশ্বৰ্য ৰায় বচ্চনে।
এসয়মত দুয়োৰে বিবাহকলৈও চৰ্চা হৈছিল। বহু ধুমধামেৰে দুয়োৰে বিয়া পাতিছিল। অমিতাভ বচ্চনৰ পুত্ৰৰ বিয়া, গতিকে খৰচ হোৱা স্বাভাৱিক কথা। বিয়াৰ দৰে তেওঁলোকৰ বিয়ালৈ অহা অতিথিসকলো আছিল হাই প্ৰফাইল। যিয়ে তেওঁলোকক বহু দামী দামী উপহাৰ দিছিল।
কিন্তু বিয়াত ঐশ্বৰ্য ৰায়ে লাভ কৰা সবাতোকৈ দামী উপহাৰ কি আছিল জানেনে? সবাতোকৈ দামী উপহাৰ আছিল ঐশ্বৰ্য ৰায়ৰ ডিঙিত থকা মংগলসূত্ৰ। জয়া-অমিতাভে তেওঁলোকৰ ‘বোৱাৰী’ক উপহাৰ দিছিল হীৰা খোদিত মংগলসূত্ৰ। প্ৰশ্ন হয়, সেই মঙ্গলসূত্ৰৰ দাম কিমান? ইয়াৰ দাম শুনি আচৰিত হ’ব আপুনি।
বিভিন্ন প্ৰতিবেদন অনুসৰি, সেই সময়ত সেই মংগলসূত্ৰৰ দাম আছিল ৪৫ লাখ টকা। সেই সময়ত পৰিয়ালটোৰ সকলোৰে মাজত ভাল সম্পৰ্ক আছিল। যাৰ বাবে বচ্চন পৰিয়ালে নিজৰ বোৱাৰীয়েকৰ বাবে দামী উপহাৰ ক্ৰয় কৰিছিল। বিয়াৰ পিছত কেইবাবছৰ ধৰি বিভিন্ন অনুষ্ঠানত সেই মংগলসূত্ৰ পৰিধান কৰা দেখা গৈছিল ঐশ্বৰ্যক। অৱশ্যে যোৱা কেইবছৰমানৰ পৰা ঐশ্বৰ্য ৰায়ৰ ডিঙিত সেইডাল মংগলসূত্ৰ দেখা পোৱা নাই। এই সন্দৰ্ভত ঐশ্বৰ্যই এবাৰ কৈছিল যে সন্তান জন্ম দিয়াৰ পিছত গহনাৰে নিজক ঢাকি ৰখাৰ তেওঁ বিৰোধী।
কিন্তু পুনৰ এবাৰ দেখা গৈছিল ঐশ্বৰ্য ৰায়ৰ ডিঙিত এই মংগলসূত্ৰ। অভিষেক আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ উৰাবাতৰি যেতিয়া তুংগত আছিল, তেতিয়া তেওঁ কন্যা আৰাধ্যাৰ সৈতে পেৰিছ ফেশ্বন উইকত উপস্থিত হৈছিল। তেতিয়া তেওঁৰ ডিঙিত দেখা গৈছিল হীৰাৰে আবৃত্ত মংগলসূত্ৰ। এই দেখি অনুৰাগীয়েও কিছু সকাহ পাইছিল আৰু ভাবিছিল যে তেওঁলোকৰ সম্পৰ্ক ফালে আছে। ইয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাৰ অন্ত পেলায়।
অন্য খবৰ পঢ়কঃ ‘ৰামায়ণ’ত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন কি ধৰ্মৰ জানেনে? জানক…