কৰ্তন কৰা হ’ব এইসকল চৰকাৰী কৰ্মচাৰীৰ দৰমহা, চৰকাৰৰ ডাঙৰ পদক্ষেপ…
দৰমহাৰ পৰা কৰ্তন কৰা ধন পোনে পোনে বৃদ্ধ পিতৃ-মাতৃৰ একাউণ্টলৈ যাব। অতি সোনকালে আহি আছে এখন আইন। বৰ্তমান সময়ত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰি দায়িত্ব পালন নকৰাৰ ঘটনা বাঢ়িছে। যাৰ বাবে লোৱা হৈছে এনে সিদ্ধান্ত।
সন্তানে লোৱা নাই নেকি পিতৃ-মাতৃৰ দায়িত্ব? এতিয়া তেনে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰা হ’ব দৰমহা । দৰমহাৰ পৰা কৰ্তন কৰা ধন পোনে পোনে বৃদ্ধ পিতৃ-মাতৃৰ একাউণ্টলৈ যাব। অতি সোনকালে আহি আছে এখন আইন। বৰ্তমান সময়ত বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰি দায়িত্ব পালন নকৰাৰ ঘটনা বাঢ়িছে। যাৰ বাবে লোৱা হৈছে এনে সিদ্ধান্ত।
শীঘ্ৰে পিতৃ-মাতৃৰ যত্ন নোলোৱা সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সিদ্ধান্তক আইনলৈ ৰূপান্তৰিত কৰিব তেলেংগানা চৰকাৰে। এই আইনত উল্লেখ আছে যে পিতৃ-মাতৃৰ যত্ন নোলোৱা সকলো চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ১০ শতাংশ কৰ্তন কৰা হ’ব। এই ধন সেই চৰকাৰী কৰ্মচাৰীৰ অভিভাৱকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হ’ব।
চলিত সপ্তাহৰ সোমবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে , বৃদ্ধ পিতৃ-মাতৃয়ে সন্তানৰ যত্ন লোৱাৰ অভিযোগক গুৰুত্বসহকাৰে লোৱা হ’ব। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে এনে ঘটনা সংঘটিত কৰে তেন্তে তেওঁলোকৰ দৰমহাৰ ১০ শতাংশ কৰ্তন কৰি স্থানান্তৰ কৰা হ’ব অভিভাৱকৰ একাউণ্টলৈ।
তেলেংগানা চৰকাৰে ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ডে কেয়াৰ চেণ্টাৰ স্থাপন কৰিছে। ইয়াৰ নাম ৰখা হৈছে প্ৰণাম । যাৰ বাবে আবণ্টন দিয়া হৈছে ৫০ কোটি টকা। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে, আগন্তুক ২০২৬-২৭ বাজেট প্ৰস্তাৱতো স্বাস্থ্যসেৱা বা স্বাস্থ্য সম্পৰ্কীয় নতুন নীতিও অনা হ’ব।
কেৱল জ্যেষ্ঠ নাগৰিকৰ বাবেই নহয়, বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও কেইবাটাও সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম সকলৰ বাবে থাকিব বিশেষ সংৰক্ষণ ব্যৱস্থা। লগতে বিশেষভাৱে সক্ষম লোকসকলে যদি বিয়া পাতে তেন্তে তেওঁলোকক ৰাজ্য চৰকাৰে ২ লাখ টকা দিব।