অধিক খাদ্য খালে  শৰীৰে কি কি সংকেত দিয়ে?

15 Jan 2026

TV9 ASSAM

বেছিকৈ খাদ্য খোৱাও শৰীৰৰ বাবে ক্ষতিকাৰক। কিছুমান মানুহৰ বেছি খাদ্য খোৱাৰ অভ্যাস আছে। এই সন্দৰ্ভত ফিটনেছ কোচ কেটে সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰি সবিশেষ জনাইছে।

খাদ্য

ফিটনেছ বিশেষজ্ঞগৰাকীয়ে Confident-with-katত কৈছে যে, যেতিয়া আপুনি বেছি খাদ্য খাই তেতিয়া শৰীৰে সংকেত দিয়ে। এক কথাত শৰীৰত বেছি কলৰি হলে শৰীৰে ইংগিত প্ৰদান কৰে।

কি কয়

ফিটনেছ বিশেষজ্ঞগৰাকীৰ মতে, বহু লোকে ভোক অবিহনে খাদ্যৰ পাত্ৰ খালী কৰি দিয়ে। ভোক নলগাৰ পাছতো এনেকৈ খালে এয়া বেছি কেলৰি হোৱাৰ সংকেত।

বাচন খালী

খাদ্য খোৱাৰ পাছত যদি বেছি পিয়াহ লাগে সেয়া বেয়া। অস্বাভাৱিকভাৱে পিয়াহ লগাৰ অৰ্থ এয়াই যে আপুনি প্ৰয়োজনতকৈ অধিক খাদ্য খাইছে।

পিয়াহ

বাৰে বাৰে পেট ফুলা, উগাৰ অহা, গেছ হোৱা আদিৰ অৰ্থ আপোনাৰ হজম প্ৰক্ৰিয়া বেয়া। গতিকে এনে ক্ষেত্ৰত আপুনি হজম প্ৰক্ৰিয়া ভাল কৰা দৰকাৰ।

উগাৰ

কিছুমান মানুহে দ্ৰুতগতিত খাদ্য খায়। এনে লোকসকলে কম সময়ত বেছি খাদ্য খায়। গতিকে খাদ্য সদায় লাহে লাহে খাব লাগে আৰু ভালদৰে চোবাব লাগে।

দ্ৰুতগতিত খোৱা

দুপৰীয়া, নিশা পৰ্যাপ্ত খাদ্য খোৱাৰ পাছতো যদি পুনাৰ ভোক লাগে তেন্তে এয়া বেয়া। বেছি খাদ্য খোৱাৰ ফলত ইনছুলিন বৃদ্ধি পাই আৰু লগে লগে হ্ৰাস পায়। যাৰ বাবে ভোক লাগে।

ভোক

পঢ়িবলৈ ক্লিক কৰক 

জিৰা পানীৰ উপকাৰ