মই পুনৰ ঘূৰি যাব নিবিচাৰো…কন্যাৰ জন্মদিনত কি ক’লে বিৰাট পত্নী অনুষ্কাই…
Anushka Sharma: বিবাহৰ পাছতে অনুষ্কা শৰ্মাই প্ৰায় অভিনয় জগত বাদ দিছে। বৰ্তমান তেওঁ মাতৃত্ব অনুভৱ কৰি আছে। কিন্তু শেহতীয়াকৈ অনুষ্কাই সামাজিক মাধ্যমত দিয়া এটা পোষ্টে বিভিন্নজনৰ দৃষ্টি কাঢ়িছে।
সময় গতিশীল! কোৱা হয়, সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। বিৰাট আৰু অনুষ্কাৰ ক্ষেত্ৰতো যেন একেই হৈছে। বিৰুষ্কাৰ কন্যা ভামিকাৰ বয়স ৫ বছৰ। যোৱা ১১ জানুৱাৰী আছিল ভামিকাৰ জন্মদিন। এই দিনটোতে ভামিকাই ৫ বছৰত ভৰি দিলে। কন্যাৰ এই বিশেষ দিনটোতে অনুষ্কাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰি মাতৃত্বৰ অনুভৱ ব্যক্ত কৰে।
এই সন্দৰ্ভত অনুষ্কাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে যে- “মাতৃত্বই আপোনাক সলনি কৰে”। এই বাৰ্তাৰ লগত নিজৰ চিন্তা সংযোজন কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “মই তোমাক লগ পোৱাৰ আগৰ পুৰণি জীৱনলৈ ঘূৰি যাব নিবিচাৰো, তুমি মোৰ সন্তান”। ইয়াৰ লগতে অনুষ্কাই ভামিকাৰ জন্ম তাৰিখ ১১ জানুৱাৰী, ২০২১ বুলি লিখিছে। অনুষ্কাৰ এই পোষ্টটোৱে স্পষ্ট কৰি দিয়ে যে, ভামিকাৰ আগমনে তেওঁৰ জীৱনত কিমান ডাঙৰ প্ৰভাৱ পেলাইছে।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিৰাট আৰু অনুষ্কাৰ দ্বিতীয় সন্তান আকেয়ৰ জন্ম হয়। দ্বিতীয় সন্তানৰ জন্মৰ পাছতে পৰা বিৰাট আৰু অনুষ্কা লণ্ডনত বাস কৰি আছে। কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অষ্টম বিবাহ বাৰ্ষিকী উপলক্ষে দুয়োকে ভাৰতত দেখা গৈছিল। এটা ভিডিঅ’ত দুয়োকে বিমান বন্দৰত দেখা গৈছিল। বিৰাটে কেমেৰালৈ চাই হাত জোকাৰি দিয়ে যদিও অনুষ্কাই অলপ পিছত থকাহে দেখা যায়।
উল্লেখ্য যে, ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীৰ টাস্কানিত বিবাহ পাশত আৱদ্ধ হৈছিল বিৰাট আৰু অনুষ্কা। বৰ্তমান অনুষ্কাই অভিনয় জগত বাদ দি ব্যক্তিগত জীৱন আৰু মাতৃত্ব উপভোগ কৰি আছে। ভামিকা আৰু আকেয়, দুই সন্তানৰ সৈতে বিৰাট-অনুষ্কাৰ এক সুখৰ সংসাৰ এতিয়া।
অন্য খবৰ পঢ়কঃ হাওঁফাওঁৰ সংক্ৰমণ হ’লে শৰীৰে কি কি ইংগিত দিয়ে, জনালে চিকিৎসকে…