শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বৰঘৰৰ চ'ৰাত চীনা কমিউনিষ্ট পাৰ্টীৰ প্ৰতিনিধিৰে বৈঠক বিজেপিৰ

বৰঘৰৰ চ’ৰাত চীনা কমিউনিষ্ট পাৰ্টীৰ প্ৰতিনিধিৰে বৈঠক বিজেপিৰ

Raj Saikia
Raj Saikia | Published: 14 Jan 2026 21:04 PM

চিপিচি বা চীনৰ কমিউনিষ্ট পাৰ্টিৰ হৈ চিপিচিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ উপ-মন্ত্ৰী ছান হাইয়ানে নেতৃত্ব দিয়ে। আনহাতে, বিজেপিৰ হৈ দলটোৰ সাধাৰণ সম্পাদক অৰুণ সিঙে নেতৃত্ব দিয়ে এই বৈঠকত। লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই আন্তঃদলীয় বৈঠকত ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইয়ঙে অংশগ্ৰহণ কৰে।

গালৱান সংঘৰ্ষৰ পিছত এইবাৰেই প্ৰথম। বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আহিল চীনৰ শাসকীয় দল বা চীনা কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধি। অনুষ্ঠিত হ’ল বৈঠক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে দলীয় বৈঠকৰ নজিৰ কম। ভাৰতৰ দৃষ্টিকোণৰ পৰা গালৱান সংঘৰ্ষৰ পিছত এইখনেই প্ৰথম এনে বৈঠক।

বিজেপিৰ বৈদেশিক পৰিক্ৰমা মুৰব্বী বিজয় চৌথাইৱালে সোমবাৰে নিজৰ টুইটাৰ হেণ্ডেলত এই বৈঠকৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰে। বৈঠকৰ কেইবাখনো ছবি পোষ্ট কৰি তেওঁ লিখিছে, “বিজেপি আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ মাজত আন্তঃদলীয় যোগাযোগ উন্নত কৰাৰ বাবে এই বৈঠক আয়োজন কৰা হৈছিল।”

জানিব পৰা মতে, চিপিচি বা চীনৰ কমিউনিষ্ট পাৰ্টিৰ হৈ চিপিচিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ উপ-মন্ত্ৰী ছান হাইয়ানে নেতৃত্ব দিয়ে। আনহাতে, বিজেপিৰ হৈ দলটোৰ সাধাৰণ সম্পাদক অৰুণ সিঙে নেতৃত্ব দিয়ে এই বৈঠকত। লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই আন্তঃদলীয় বৈঠকত ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইয়ঙে অংশগ্ৰহণ কৰে।