শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে সৰুসজাইত একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য

১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে সৰুসজাইত একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য

Digjyoti Lahkar
Digjyoti Lahkar | Edited By: Barasha Misra | Updated On: 16 Jan 2026 17:22 PM

বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘বাগুৰুম্বা দৗহৌ’ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব।

‘বাগুৰুম্বা দ’হৌ’লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী। অসমীয়াৰ ঐতিহ্য আৰু বড়ো সংস্কৃতিৰ গৌৰৱময় পৰিচয় বাগুৰুম্বা জগত সভাত উদ্ভাসিত হ’ব এক ঐতিহাসিক মুহূর্তত। বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ অসম চৰকাৰ সাজু বাগুৰুম্বাৰে ৰেকৰ্ড গঢ়িবলৈ।

বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘বাগুৰুম্বা দৗহৌ’ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা
১০ হাজাৰ বড়ো নৃত্যশিল্পীয়ে এই অনুষ্ঠান পৰিৱেশন কৰিব। ইতিমধ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুশীলন অব্যহত আছে।

এই অনুষ্ঠানৰ সময়সূচীৰ সবিশেষ প্ৰদান কৰি অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই কয় যে, ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য আনকি নেপালৰ শিল্পীসকলেও ১২ জানুৱাৰীৰ পৰা আখৰা আৰম্ভ কৰিছে। একেৰাহে চাৰিদিন ধৰি চলা আখৰাবোৰে পৰিবেশকসকলৰ মাজত সমন্বয়, অনুশাসন, আৰু কলাত্মক উৎকৰ্ষতা নিশ্চিত কৰিছে।’