15 Jan 2026
TV9 ASSAM
প্ৰায় সকলোৰে পাকঘৰত মচলা হিচাপে জিৰা ব্যৱহাৰ কৰা হয়। পিছে জিৰাৰ উপকাৰী গুণৰ বিষয়ে জানেনে। জিৰা পানী খালে শৰীৰৰ বহু উপকাৰ সাধন হয়।
যদি আপুনি একেৰাহে ৩০ দিন জিৰা পানী খাই তেন্তে ইয়াৰ পৰিণাম দেখা পাব। এই লেখাটোত জিৰা পানীৰ কেইটামান উপকাৰ উল্লেখ কৰা হ'ল।
জিৰাই পাচনপ্ৰক্ৰিয়া ভাল কৰে। জিৰাই শৰীৰত এঞ্জাইম বৃদ্ধি কৰে, যি খালে খাদ্য সোনকালে হজম হয়। এনে অৱস্থাত পেট ফুলা সমস্যা কম হয় আৰু পেট পৰিষ্কাৰ হৈ পৰে।
প্ৰতিদিনে জিৰা পানী খালে বিপাকীয় ক্ৰিয়া ভাল হয়। ই দিনটো শৰীৰক পাতল, এক্টিভ কৰি ৰাখে। লগতে দুৰ্বল নালাগে। গতিকে ৩০ দিন জিৰা পানী খাব লাগে।
জিৰাই ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। গতিকে হঠাতে চুগাৰ বৃদ্ধি-হ্ৰাসৰ সমস্যা কম হয়। গতিকে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ জিৰা পানী খাব পাৰে।
জিৰা পানীয়ে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট গুণে শালমইনা, ফুলা আদিৰ সমস্যা কম কৰে। ই মুখখন উজ্বল আৰু ধুনীয়া কৰি তোলে।
নিশা জিৰা পানী খালে হজম প্ৰক্ৰিয়া ভাল হয়। এনে অৱস্থাত শৰীৰে বেছি হেঁচা লাভ কৰে। গতিকে নিশা জিৰা পানী খালে টোপনি ভাল হয়।
পঢ়িবলৈ ক্লিক কৰক