শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঘৰত জঘন্য় কাণ্ড, পাছত ভিডিঅ’ কল! ৫ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ বেয়া কাম, আদালতে বিহিলে শাস্তি…

এগৰাকী পিতৃক শাস্তি বিহিলে আদালতে। জানিব পৰা মতে, এগৰাকী পিতৃয়ে বছৰ বছৰ ধৰি নিজ কন্যাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰি আহিছিল। এই কাণ্ডতে আদালতে তেওঁক কাৰাদণ্ড আৰু জৰিমনা বিহে।

ঘৰত জঘন্য় কাণ্ড, পাছত ভিডিঅ’ কল! ৫ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ বেয়া কাম, আদালতে বিহিলে শাস্তি…
প্ৰতীকী ফটোImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 15 Jan 2026 13:53 PM

নিজ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত এগৰাকী পিতৃক আদালতে বিহিলে শাস্তি। প্ৰাপ্ত খবৰ অনুসৰি, বায়ুসেনাৰ কৰ্মী এগৰাকীয়ে নিজ কন্যাক ১২ বছৰ ধৰি ধৰ্ষণ কৰি আহিছিল। কন্যাৰ ৫ বছৰ বয়সৰ পৰাই পিতৃয়ে এই জঘন্য় কাণ্ড সংঘটিত কৰি আহিছিল। এইগৰাকী পিতৃক এতিয়া দেহৰাদুন আদালতে ২০ বছৰৰ জেল আৰু ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰায়পুৰত।

জানিব পৰা মতে, ২০২৩ চনত ভুক্তভোগীৰ মাতৃয়ে স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। মাতৃৰ ভাষ্য অনুসৰি, তেওঁৰ স্বামীয়ে কন্যাৰ ৫ বছৰ বয়সৰ পৰা ১৭ বছৰ হোৱালৈ ধৰ্ষণ কৰিছিল। ইমানেই নহয়, ভুক্তভোগী কন্যাই কোৱা অনুসৰি, যেতিয়া পিতৃ ঘৰৰ বাহিৰত থাকে তেতিয়া ভিডিঅ’ কলৰ জৰিয়তে তেওঁক কাপোৰ খুলিবলৈ বাধ্য় কৰায়।

১২ বছৰ ধৰি জঘন্য কাণ্ড

আদালতৰ শুনানিৰ সময়ত ভুক্তভোগীয়ে কয় যে, পিতৃয়ে তেওঁৰ সৈতে ১২ বছৰ ধৰি ধৰ্ষণ কৰিছে। যেতিয়া তেওঁৰ বয়স ১৭ বছৰ হয় তেতিয়া তেওঁ আৰু সহ্য কৰিব নোৱাৰিলে। সকলো কথা মাতৃক কৈ দিয়ে। ইয়াৰ পাছতে মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। শুনানিৰ সময়ত আদালতে এই কাণ্ডক বিকৃত মানসিকতাৰ প্ৰতিফলন বুলি কয়। আদালতে ৰাজ্য চৰকাৰকত ৩ লাখ টকাৰ সাহাৰ্য ভুক্তভোগীক দিবলৈ নিৰ্দেশ দিয়ে। আদালতকে কয়, অপৰাধে শিশুৰ শাৰীৰিত আৰু মানসিক বিকাশত বেয়া প্ৰভাৱ পেলায়। এনে কামে সমগ্ৰ সমাজক লজ্জিত কৰে।

কিয় মনে মনে আছিল

যেতিয়া ভুক্তভোগী ডাঙৰ হৈছিল তেতিয়া লাহে লাহে নিজৰ সৈতে হৈ থকা বেয়া কৰ্মৰ কথা জানিব পাৰিছিল। ইফালে ভুক্তভোগীৰ দুগৰাকীকৈ ভাতৃ আছিল, যি ডাঙৰ ৰোগৰ বিৰুদ্ধে যুঁজি আছিল। এগৰাকী ভাতৃ ব্লাড কেন্সাৰত আক্ৰান্ত আৰু আনটো ভাতৃও ৰুগীয়া। ভাতৃৰ চিকিৎসা আৰু দায়িত্বৰ বাবে তেওঁ বহু বছৰ মনে মনে আছিল। অৱশেষত ১৭ নৱেম্বৰ, ২০২৩ চনত মাতৃয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰে। অৱশেষত এই গোচৰত আদালতে ৰায় প্ৰদান কৰে।

 

অন্য খবৰ পঢ়কঃ অতি ভয়ংকৰ! প্ৰথমে পত্নী আৰু পাছত মাতৃৰ সৈতে ডাঙৰ কাণ্ড যুৱকৰ…