শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘শেষ হৈ যাব…’ কিয় বিগ বছত অমাল মালিকে গৌৰৱ খান্নাক ভাবুকি দিয়ে?

Bigg Boss 19 News: ৰিয়েলিটি শ্ব’ বিগ বছ ১৯ত আন এক টুইষ্টৰ সাক্ষী হ’ল সকলো। গৌৰৱ খান্নাক বহুদিনৰ মূৰত কেপ্তেনৰ সুবিধা দিয়া হৈছিল। অৱশ্যে মাত্ৰ এঘণ্টাৰ ভিতৰতে তেওঁৰ পৰা অধিনায়কত্ব কাঢ়ি লোৱা হয়। এতিয়া গৌৰৱ খান্নাৰ ঠাইত শ্বেহবাজক অধিনায়ক হিচাপে দিয়া হৈছে।

‘শেষ হৈ যাব…’ কিয় বিগ বছত অমাল মালিকে গৌৰৱ খান্নাক ভাবুকি দিয়ে?
barasha-misra
Barasha Misra | Published: 15 Nov 2025 11:33 AM

Bigg Boss 19 News: শেহতীয়া খণ্ডটোৰ আৰম্ভণিতে শ্বেহবাজে বিগ বছৰ ওচৰত তেওঁৰ খঙাল কথাৰ বাবে ক্ষমা বিচাৰিছিল। তেওঁ উল্লেখ কৰে যে তেওঁ বিগত ৫-৬ বছৰ ধৰি বিগ বছক সন্মান কৰি আহিছে আৰু তেওঁ যিয়েই কয় সেয়া খঙৰ বাবেই। ইফালে গৌৰৱ খান্নাই সমগ্ৰ ঘৰখন নমিনেচন কৰাৰ সিদ্ধান্তৰ বাবে কুনিকাই স্বাৰ্থপৰ বুলি আখ্যা দি সমগ্ৰ ঘৰখনকে নিজৰ ইগোৰ বাবে বলিৰ ছাগলী হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

শোৱনি কোঠাৰ এলেকাত সকলোকে কৰ্তব্য নিযুক্ত কৰিবলৈ গৌৰৱে চেষ্টা কৰিলে, কিন্তু তনিয়াই লগে লগে হাত ডাঙিলে, মই একো নকৰোঁ। গৌৰৱ খান্নাই জানিছিল যে, তেওঁ অধিনায়ক হোৱাত সকলোৱে বিচলিত হৈ পৰিছে, গতিকে তেওঁ সকলোকে কৈছিল যে তেওঁ কাকো কোনো কাম কৰিবলৈ বাধ্য নকৰে, বৰঞ্চ কেৱল নিজৰ কৰ্তব্যৰ বিষয়ে বুজাইছে। অৱশ্যে ইতিমধ্যে ঘৰখনত বিশৃংখলতা আৰম্ভ হৈছে। মালতীয়ে অমল মালিকক কয় যে, ৰেচন ৩০% কৰ্তন কৰা হৈছে, কিন্তু কোনেও মাত মাতিব পৰা নাই। শ্বাহবাজে ৱাশ্বৰুমৰ দায়িত্ব ল’লে, কিন্তু তাৰ পিছত বিগ বছে সকলো সদস্যকে এছেম্বলী ৰুমলৈ মাতি আনি পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তুলিলে।

কেপ্তেইনৰ বাবে হাহাকাৰ

এছেম্বলী ৰুমত বিগ বছে ঘৰৰ সতীৰ্থসকলৰ ওপৰত চোকা প্ৰশ্নৰে থকাসৰকা কৰে। তেওঁ প্ৰশ্ন কৰে যে গৌৰৱে ৰেচন হ্ৰাস কৰাৰ সিদ্ধান্তত কাকো কিয় সোধা নাছিল। তেওঁ কয় যে আচল সমস্যাটো হ’ল প্ৰথমতে কেৱল গৌৰৱেহে অধিনায়কত্বৰ সুযোগ কিয় পাইছিল। বিগ বছে ঘৰৰ সতীৰ্থসকলক তেওঁলোকৰ “প্ৰকৃত সমস্যা” দেখুৱাইছিল আৰু তেওঁলোকক ধমক দিয়াৰ পিছত গৌৰৱ আৰু শ্বাহবাজক কোঠাৰ পৰা বাহিৰলৈ পঠিয়াই দিছিল। ইয়াৰ পিছত বিগ বছে বাকী হাউছমেটসকলক এটা পছন্দ দিলে, গৌৰৱৰ অধিনায়কত্বত যদি তেওঁলোকে অসন্তুষ্ট হয় তেন্তে তেওঁলোকে শ্বাহবাজক নতুন অধিনায়ক হিচাপে ভোট দিব পাৰে।

ভোটদানৰ ফলাফল

ঘৰতে ভোটদান হৈছিল, গৌৰৱৰ অধিনায়কত্ব তাচৰ ঘৰৰ দৰে খহি পৰে। শ্বাহবাজে অমল, কুনিকা, ফাৰহানা, মালতী, আৰু তনিয়া মিত্তলকে ধৰি পাঁচটা ভোট লাভ কৰাৰ বিপৰীতে গৌৰভে মাত্ৰ দুটা ভোট লাভ কৰে অশনুৰ কৌৰ আৰু প্ৰনীত মৰেৰ। এনেকৈয়ে শ্বাহবাজ ঘৰৰ নতুন কেপ্তেইন হ’ল আৰু এঘণ্টাৰ ভিতৰতে গৌৰৱৰ অধিনায়কত্ব শেষ হ’ল। কেপ্তেইন শ্বাহবাজৰ বাহিৰে বাকী আঠজন হাউছমেটক মনোনীত কৰা হৈছিল: অমল মালিক, ফাৰহানা, তানিয়া, কুনিকা, অশ্বনুৰ, প্ৰনীত, মালতী, আৰু গৌৰৱ খান্না।