ছলমানৰ সৈতে বিচ্ছেদৰ পাছত কি কৰিছিল ঐশ্বৰ্য ৰায়ে? ঘনিষ্ঠ বন্ধুই প্ৰকাশ কৰিলে বিশেষ কথা…
এসময়ৰ ঐশ্বৰ্য আৰু ছলমানৰ সম্পৰ্কৰ কথা সকলোৱে জানে। বিচ্ছেদৰ বহু বছৰ পাছতো দুয়োৰে প্ৰেমক লৈ চৰ্চা চলিয়েই থাকে। কোৱা হয়, ঐশ্বৰ্যই ছলমানৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল।
বলীউডৰ পৰা বহু সময়ত বহু খবৰ পোহৰলৈ আহে। এই খবৰবোৰ প্ৰেম, বিচ্ছেদ বা যিকোনো দিশৰ হ’ব পাৰে। বলীউডত এটা সময়ত অতি জনপ্ৰিয় আছিল ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু এই সম্পৰ্কৰ পাছলৈ বিচ্ছেদ ঘটিছিল। পিছে বিচ্ছেদৰ ইমান বছৰ পাছতো দুয়োকে লৈ বিভিন্ন চৰ্চা হোৱা দেখা যায়।
কেতিয়াবা একেটা অনুষ্ঠানতে ছলমান-ঐশ্বৰ্যক দেখা পোৱা যায়। কোৱা হয়, ছলমানে এতিয়াও ঐশ্বৰ্য ৰায়ক পাহৰিব পৰা নাই। কিন্তু ঐশ্বৰ্য? ছলমান খানৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত কেনে আছিল অভিনেত্ৰীগৰাকী? অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত ঐশ্বৰ্য ৰায়ে কোনো কথা খুলি কোৱা হয়।
কিন্তু সেই সময়ত ঐশ্বৰ্য ৰায়ক তেওঁৰ বন্ধুসকলে ওচৰৰ পৰা দেখিছিল। তেনে এগৰাকী তেওঁৰ ভাল বন্ধু বিজ্ঞাপন নিৰ্দেশক প্ৰহ্লাদ কক্কৰ। ঐশ্বৰ্যই কেৰিয়াৰৰ আৰম্ভণিত বহু বিজ্ঞাপনৰ কামত জড়িত আছিল। সেই সময়তে তেওঁৰ কক্কৰৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠিছিল। যাৰ বাবে ছলমান খানৰ সৈতে ব্ৰেকআপৰ পাছত ঐশ্বৰ্যই কি কৰিছিল বা কেনেকৈ আছিল সেয়া তেওঁ দেখিছিল।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত প্ৰহ্লাদে সেই সন্দৰ্ভত বিশেষ কথা কৈছে। তেওঁ কয় যে,ঐশ্বৰ্যই কেতিয়াও ৰাজহুৱাভাৱে নিজৰ ব্যক্তিগত জীৱনৰ কথা নকয়। তেওঁ নিজৰ কথাবোৰ ব্যক্তিগতভাৱে ৰাখি ভাল পায়। তেওঁ আৰু কয় যে, “ছলমান খানৰ সৈতে ঐশ্বৰ্যৰ সম্পৰ্ক অতি কঠিন আছিল। মানসিকভাৱে তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু আচৰিতভাৱে, ব্ৰেকআপৰ পাছত ঐশ্বৰ্য একেবাৰে নিমাত হৈ পৰিছিল। তেওঁ খুব কম কথা কৈছিল, কেৱল নিজৰ কাম কৰিছিল। তেওঁ ছলমান খানৰ বিষয়ে কেতিয়াও একো কথা কোৱা নাছিল। ঐশ্বৰ্য এগৰাকী এনেকুৱা মহিলা যিয়ে কেৱল নিজৰ মাজত থাকি ভাল পায়। ছলমান খানৰ সৈতে ব্ৰেকআপৰ পাছতো তেওঁ একেই কামে কৰিছিল। কেৱল নিজৰ লগত আছিল”।
অন্য খবৰ পঢ়কঃ দেৱালীৰ পাৰ্টিত হাৰ্ট এটেক! জনপ্ৰিয় কণ্ঠশিল্পী ঋষভ টণ্ডনৰ অকাল মৃত্যু…