শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰি আৰক্ষীৰ জালত ৰফিকুল ইছলাম, ইউটিউবত আপলোড কৰিছিল দৃশ্যাংশ

'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত।

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰি আৰক্ষীৰ জালত ৰফিকুল ইছলাম, ইউটিউবত আপলোড কৰিছিল দৃশ্যাংশ
ৰৈ ৰৈ বিনালেৰ পাইৰেচী
raj-saikia
Raj Saikia | Published: 13 Nov 2025 15:16 PM

জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত ইতিমধ্যেই ব্যাপক বিতৰ্ক হোৱা দেখা গৈছে। ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ লগতে ছবিখনৰ সৈতে জড়িত ব্যক্তিসকলে আৰু জুবিন গাৰ্গ ফেন ক্লাৱেও পাইৰেচী নকৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে। তাৰ পাছতো কিন্তু কাণ্ডজ্ঞানহীন একাংশই ছবিগৃহত চিনেমাখনৰ দৃশ্য ভিডিঅ’ ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড কৰি আহিছে।

শেহতীয়াকৈ ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড কৰিছিল নিজৰ ইউটিউব চেনেল Rafiqul R Vlogs ত। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ৰফিকুলত তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পাণবজাৰৰ চাইবাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা অনুসৰি গোচৰ ৰুজু কৰা হৈছে। তাৰোপৰি তথ্য-প্ৰযুক্তি আইন ২০০০, কপি ৰাইট আইন ১৯৫৭ আৰু চিনেমেটোগ্ৰাফ আইন ১৯৫২ ৰ অধীনতো ধাৰা সন্নিৱিষ্ট কৰা হৈছে।

ছবিখনৰ অন্যতম প্ৰযোজক শ্যামন্তক গৌতমে পাণবজাৰ চাইবাৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ৰফিকুলক। যোৱা ৩১ অক্টোবৰত মুক্তি দিয়া হৈছিল ছবিখন। ছবিগৃহত ছবিখনৰ প্ৰচাৰ চলি থকাৰ সময়তেই অকৰ্তৃত্বশীল এজন লোকে দৃশ্যাংশ সামাজিক মাধ্যমত আপলোড কৰা বুলি অভিযোগ দাখিল কৰিছিল শ্যামন্তক গৌতমে।

উল্লেখ্য যে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ অন্যতম সফল অসমীয়া ছবিত পৰিণত হৈছে। মুক্তিৰ প্ৰথম ১২ দিনতে ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ১৬ কোটি টকা। বৰ্তমানলৈকে অসমীয়া ছবিজগতত সৰ্বাধিক উপাৰ্জন কৰা ছবি হোৱাৰ দিশে আগবাঢ়িছে এই ছবিখন। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছিল জুবিন গাৰ্গে। অসমীয়াৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যুত বৰ্তমানেও শোকস্তব্ধ হৈ আছে অসমৰ জনতা।