শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pawandeep Health Update: গাড়ী দুৰ্ঘটনাৰ পিছত সুস্থ পৱনদ্বীপ ৰাজন, গান গোৱা দেখি আনন্দিত অনুৰাগীসকল

‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদ্বীপ ৰাজন পথ দুৰ্ঘটনাৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ দলটোৱে জনাইছে যে এই দুৰ্ঘটনাত তেওঁৰ হাত আৰু ভৰি ভাঙি গৈছে। এতিয়া সকলোৱে জানিব বিচাৰিছে যে পৱনদ্বীপৰ বৰ্তমান অৱস্থা কি আৰু তেওঁৰ স্বাস্থ্য কেনেকুৱা।

Pawandeep Health Update: গাড়ী দুৰ্ঘটনাৰ পিছত সুস্থ পৱনদ্বীপ ৰাজন, গান গোৱা দেখি আনন্দিত অনুৰাগীসকল
গাড়ী দুৰ্ঘটনাৰ পিছত সুস্থ পৱনদ্বীপ ৰাজন
barasha-misra
Barasha Misra | Published: 13 May 2025 21:20 PM

‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদ্বীপ ৰাজনৰ শেহতীয়াকৈ এক বৃহৎ গাড়ী দুৰ্ঘটনা সংঘটিত হয়। কিন্তু এতিয়া তেওঁ সম্পূৰ্ণৰূপে বিপদৰ মুক্ত। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত পৱনদ্বীপৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে। অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ মন আৰু শৰীৰ আগতকৈ বহুত ভাল হৈছে। স্বাস্থ্যৰ উন্নতিৰ পিছত এতিয়া ছ’চিয়েল মিডিয়াতো সক্ৰিয় হৈ পৰিছে পৱনদ্বীপ। শেহতীয়াকৈ তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্টেটাছত এটা কাহিনী পোষ্ট কৰিছিল, য’ত তেওঁক নিজৰ ষ্টাফৰ সৈতে দবা খেলা দেখা গৈছে। লগতে তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। য’ত তেওঁ চিকিৎসালয়ৰ বিচনাত বহি গান গোৱা দেখা গৈছে। তেওঁৰ অনুৰাগীসকলে তেওঁক সংগীত গুণগুণোৱা দেখি অতি আনন্দিত হৈছে।

পৱনদ্বীপৰ দলটোৱেও গায়কজনৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে অনুৰাগীৰ সৈতে তেওঁৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰি আছে। তেওঁৰ দলটোৱে নিজেই জনাইছিল যে দুৰ্ঘটনাটোৰ পিছত চিকিৎসকে কৈছে পৱনৰ শৰীৰৰ বহু ঠাইত ভাঙিছে, যাৰ বাবে তেওঁ কেইবাবাৰো অপাৰেচন কৰিব লাগিব। এতিয়াও পৱনদ্বীপ সেইখন চিকিৎসালয়তে চিকিৎসা গ্ৰহণ কৰি আছে। পৱনৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ পৰা স্পষ্ট হৈ পৰিছে যে এতিয়া তেওঁৰ স্বাস্থ্য পূৰ্বতকৈ বহু ভাল হৈছে। চিকিৎসালয়ৰ কৰ্মচাৰীৰ সৈতে দবা খেলাৰ কাহিনী পোষ্ট কৰি পৱনদ্বীপে লিখিছে, ‘ৰিকাভাৰী মোড অন। আপোনাৰ আশীৰ্বাদৰ বাবে ধন্যবাদ।

পৱনদ্বীপে উচ্চ সুৰত গান গাবলৈ কৰিছে আৰম্ভ

চিকিৎসালয়ৰ পৰা ভাইৰেল হোৱা পৱনদীপৰ শেহতীয়া ভিডিঅ’টোত তেওঁক ‘জো ভেজী থি দুৱা’ গীতটোৰ অনুশীলন কৰা দেখা গৈছে। আচলতে এনে অৱস্থাত তেওঁ উচ্চ সুৰত গান গোৱাত অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু তথাপিও তেওঁ নিজৰ অনুশীলন অব্যাহত ৰাখিছে।

 

View this post on Instagram

 

A post shared by Shekhar Roy (@necropolis_028)

আচলতে ইণ্ডিয়ান আইডল বিজয়ী পৱনদ্বীত ২০২৫ চনৰ ৫ মে’ত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ সমীপত গাড়ী দুৰ্ঘটনাত পতিত হৈছে। তেওঁৰ গাড়ীখন পথত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে। দুৰ্ঘটনাটোত গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। এই দুৰ্ঘটনাত পৱনদ্বীপৰ উপৰিও আন দুজন লোকো গুৰুতৰভাৱে আহত হয়।