শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোৰ স্বামী আৰু কন্যাই লাজ পোৱা কাম মই… কিয় অশান্তি হৈছিল ঐশ্বৰ্য ৰায়ৰ পৰিয়ালত…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। যোৱা এটা বছৰ ধৰি ঐশ্বৰ্য আৰু অভিষেকৰ নাম চৰ্চাত আছে। আনকি চৰ্চা হয় জয়া বচ্চন সন্দৰ্ভতো।

মোৰ স্বামী আৰু কন্যাই লাজ পোৱা কাম মই… কিয় অশান্তি হৈছিল ঐশ্বৰ্য ৰায়ৰ পৰিয়ালত…
ঐশ্বৰ্য ৰায়Image Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 25 Jun 2025 15:25 PM

বিগত এবছৰ ধৰি বলীউত চৰ্চিত হৈ আছে দুটা নাম। অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন। তাৰকা দম্পতীৰ বিবাহ বিচ্ছেদক ​​লৈ অহৰহ চৰ্চা চলিছিল। অৱশ্যে এতিয়ালৈকে ইয়াৰ ওপৰত দুয়ো কোনো আনুুষ্ঠানিক মন্তব্য কৰা নাই। খবৰ পোহৰলৈ আহিছিল যে নায়িকাগৰাকীয়ে কন্যা আৰাধ্যা বচ্চনৰ সৈতে নিজৰ ফ্লেটত থাকে। দীৰ্ঘদিন ধৰি তেওঁ স্বামী অভষেকৰ পৰা দূৰত থাকে। অৱশ্যে এয়া কিমান সঁচা, কিমান মিছা সেয়া ৰহস্যৰ আৱৰ্তত।

এটা সময়ত অভিষেক-ঐশ্বৰ্যৰ সম্পৰ্কক বহুতে আদৰ্শ বুলি গণ্য কৰিছিল । এই দুই স্বামী-স্ত্ৰীৰ লগতে অভিষেকৰ মাতৃ জয়া বচ্চন সন্দৰ্ভতো বহু খবৰ প্ৰকাশ পাই আহিছে। কোৱা হয়, জয়া অতি কঠোৰ শাহুৱেক । প্ৰথম অৱস্থাত বহুতে ধৰি লৈছিল যে শাহুৱেকৰ সৈতে বুজাবুজিৰ অভাৱৰ বাবেই হয়তো তাৰকা দম্পতীৰ বিবাহ বিচ্ছেদ হ’ব। কিন্তু আপুনি জানেনে যে ঐশ্বৰ্যই এসময়ত জয়াৰ দৰে হ’ব বিচাৰিছিল?

এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁৰ জীৱনৰ প্ৰেৰণা হেমা মালিনী আৰু শাহুৱেক জয়া বচ্চন। এতিয়ালৈকে যি ধৰণৰ চৰিত্ৰ পাইছে তাত তেওঁ সুখী বুলিও কয়। অৱশ্যে এটা চৰিত্ৰ পাবলৈ তেওঁ যি বিচাৰে তাকেই কৰিব নোৱাৰে। ভৱিষ্যতে কাম নাপালেও তেওঁৰ বিশেষ অসুবিধা নহ’ব।

ঐশ্বৰ্যই কয়, “যদি মোৰ শাহু,শহুৰ, স্বামী আৰু কন্যাই মোক কোনো চৰিত্ৰত অভিনয় কৰাৰ বাবে লাজ কৰে, তেন্তে মই সেই ধৰণৰ কাম কৰিবলৈ নিবিচাৰো।”

কিন্তু অভিনেত্ৰীগৰাকীয়ে নিজৰ কথা ৰাখিব পাৰিছিলনে? খবৰ পোহৰলৈ আহিছিল যে ৰণবীৰ কাপুৰৰ সৈতে অন্তৰংগ দৃশ্যত অভিনয় কৰা ঐশ্বৰ্যক লৈ শহুৰেকৰ ঘৰত অশান্তিৰ সৃষ্টি হৈছিল। ইয়াৰোপৰি অভিযোগ উত্থাপন হয়, অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ চিত্ৰনাট্য অভিষেকক জনোৱা নাছিল। অৱশ্যে এতিয়া এইবোৰ অতীত। বিগত কেইটামান বছৰৰ পৰা অভিনেত্ৰীগৰাকীয়ে ছবিৰ পৰা দূৰত্ব বজাই ৰাখিছে যদিও অভিনয় এৰি দিয়া নাই।।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানী অভিনেত্ৰীৰ সৈতে ফটো শ্বেয়াৰ দিলজিৎ দোচাঞ্জৰ, ক’লে- দেশতকৈ ওপৰত…