শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bank Job: স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Bank Job: আপুনি স্নাতক উত্তীৰ্ণ আৰু চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে এয়া আপোনাৰ বাবে ভাল খবৰ। কিয়নো পুনৰ বেংকত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।

Bank Job: স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 23 Oct 2025 13:26 PM

আপুনি স্নাতক উত্তীৰ্ণ হৈ চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো স্নাতক উত্তীৰ্ণসকলৰ বাবে বেংকত ওলাইছে চাকৰি। ইউকো বেংকে এপ্ৰেণ্টিছ পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে ইচ্ছুক আৰু যোগ্যসকলে বেংকৰ অফিচিয়েল ৱেবছাইট ucobank.in ত গৈ অনলাইন আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ২১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু ই ৩১ অক্টোবৰলৈ চলিব।

ইউকো বেংকে মুঠ ৫৩১টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন আহ্বান কৰিছে। এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব।

অৰ্হতা

  • এপ্ৰেণ্টিছ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।
  • এই ডিগ্ৰীৰ মাৰ্কশ্বীটৰ প্ৰয়োজন হ’ব।
  • আবেদনকাৰীৰ বয়স ২০ ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। এই বয়স ২০২৫ চনৰ ১ অক্টোবৰলৈ হিচাপ কৰা হ’ব।
  • আবেদনকাৰীৰ জন্ম ০২.১০.১৯৯৭ৰ আগত আৰু ০১.১০.২০০৫ৰ ভিতৰত হ’ব লাগিব।
  • বয়সৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই পাব।
  • অধিক জানিবলৈ অফিচিয়েল চাইট চাব পাৰে।

মাচুল

  • সাধাৰণ/OBC/EWS প্ৰাৰ্থীৰ বাবেঃ ৮০০ টকা।
  • এছচি, এছটিৰ বাবেঃ মাচুল নাই।
  • দিব্যাংগসকলৰ বাবেঃ ৪০০ টকা।
  • মাচুল অনলাইযোগে পৰিশোধ কৰিব লাগিব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি অফিচিয়েল ৱেবচাইট  ucobank.in লৈ যাওক।
  • পাছত Job Opportunities টেবত ক্লিক কৰক।
  • এতিয়া Apprentice Notification লিংকটোত ক্লিক কৰক।
  • আবেদনত সকলো পূৰ কৰক।
  • মাচুল জমা কৰক।
  • চাবমিট কৰক।

অধিসূচনা চাবলৈঃ ক্লিক কৰক 

আবেদন কৰিবলৈঃ ক্লিক কৰক 

কেনেকৈ হ’ব নিৰ্বাচন

এই পদৰ বাবে প্ৰাৰ্থীক চিবিটি পৰীক্ষাৰ জৰিয়তে প্ৰস্তুত কৰা মেধাৰ ভিত্তিত নিৰ্বাচন কৰা হ’’ব। ১০০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ৰাজ্যভিত্তিক আৰু শ্ৰেণীভিত্তিক মেধা তালিকা প্ৰস্তুত কৰা হ’ব। অধিক তথ্য বেংকৰ অফিচিয়েল ৱেবচাইটত উপলব্ধ আছে।

 

অন্য খবৰ পঢ়কঃ ৰে’লৱেৰ ১১০৪ টা পদ খালীঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…