শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Railway Recruitment 2025: ৰে’লৱেৰ ১১০৪ টা পদ খালীঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Railway job 2025: কোনো নিবিচাৰে ভাল নিযুক্তি? দশম আৰু আই টি আই উত্তীৰ্ণসকলৰ বাবে আছে এক ভাল খবৰ। কিয়নো ৰে'লৱে কেইবাটা পদৰ বাবে নিযুক্তি আহ্বান কৰিছে।

Railway Recruitment 2025: ৰে’লৱেৰ ১১০৪ টা পদ খালীঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 20 Oct 2025 17:03 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক সুবৰ্ণ সুযোগ। ৰে’লৱেত ওলাইছে চাকৰি। দশম আৰু আই টি আইত উত্তীৰ্ণসকলে পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ৰে’লৱে নিযুক্তি কোষে (RRC গোৰখপুৰ) ১১০৪ টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন আহ্বান কৰিছে। এই আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু ই ১৫ নৱেম্বৰ, ২০২৫ লৈ চলিব। এই পদৰ বাবে আজিয়ে কৰিব পাৰে আবেদন। প্ৰাৰ্থীসকলে www.ner.indianrailways.gov.in  ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন।

অৰ্হতা

  • প্ৰাৰ্থীসকলে কমেও ৫০% নম্বৰ লাভ কৰি স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম/এছ এছ চি বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
  • আই টি আই ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট ট্ৰেডত আই টি আই চাৰ্টিফিকেট থাকিব লাগিব।
  • প্ৰাৰ্থীসকল ক’মেও ১৫ বছৰ আৰু সৰ্বাধিক ২৪ বছৰ হ’ব লাগিব।
  • অধিক জানিবলৈ প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবচাইট চাব পাৰে।

অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ ক্ষেত্ৰত কিছু শিথিলতা লাভ কৰিব। অনুসূচিত জাতি-জনজাতিৰ প্ৰাৰ্থীয়ে ৫ বছৰ, অবিচি ৩ বছৰ পিডব্লিউবিডিৰ প্ৰাৰ্থীয়ে ১০ বছৰৰ বয়সৰ ৰেহাই লাভ কৰিব।

মাচুল

  • সাধাৰণ শ্ৰেণীঃ ১০০ টকা।
  • SC/ST, PwBD, আৰু মহিলা প্ৰাৰ্থীৰ বাবে বাবে বিনামূলীয়া।

এই নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলে চৰকাৰী ৱেবছাইটত গৈ প্ৰ-পত্ৰ পূৰণ কৰি মাচুল জমা দিব লাগিব। ৰে’লৱেৰ এপ্ৰেণ্টিছ হোৱাৰ এই সুযোগ যুৱক-যুৱতীসকলৰ বাবে কেৰিয়াৰৰ নতুন আৰম্ভণি প্ৰমাণিত কৰিব পাৰে। গতিকে যোগ্য আৰু ইচ্ছুকসকলে শীঘ্ৰেই এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ চকুত দেখা দিছে নেকি এই ৫টা লক্ষণ? হ’ব পাৰে শৰীৰত বেয়া কলেষ্টেৰল বৃৃদ্ধিৰ ইংগিত, জানক চিকিৎসকৰ পৰা…