ক’ত কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
আজি ২ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৫৪ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰতিষ্ঠা কৰা হয়। চাওঁ আহক দিনটোৰ ইতিহাস।
কলা, সাহিত্য, বিজ্ঞান, সমাজসেৱা, ক্ৰীড়া আদি বিশেষ ক্ষেত্ৰত জাতিটোৰ প্ৰতি ব্যতিক্ৰমী আৰু উল্লেখযোগ্য সেৱা আগবঢ়োৱা লোকসকলক ভাৰতৰত্ন প্ৰদান কৰা হয়। এই বঁটাটো তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰতিষ্ঠা কৰিছিল। প্ৰথম অৱস্থাত মৰণোত্তৰভাৱে এই বঁটা প্ৰদানৰ কোনো ব্যৱস্থা নাছিল যদিও এবছৰৰ পিছত এই ব্যৱস্থা সংযোজন কৰা হৈছিল। একেদৰে ক্ৰীড়াৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব অৰ্জন কৰাসকলক ভাৰতৰত্ন প্ৰদানৰ ব্যৱস্থাও পৰৱৰ্তী সময়ত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ লগতে দিনটোৰ ইতিহাস চাওঁ আহক।
দিনটোৰ ইতিহাস
- ১৯৬৭ চনত অসমীয়া কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী তথা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম।
- ১৭৫৭ চনত ৰবাৰ্ট ক্লাইভে কলিকতা (বৰ্তমানৰ কলকাতা) পুনৰ দখল কৰে।
- ১৯৫৪ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰতিষ্ঠা কৰা হয়।
- ১৯৭১ চনত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হোৱা ফুটবল খেলৰ পিছত হুলস্থুলীয়া পৰিৱেশত ৬৬ জন ফুটবল অনুৰাগীৰ মৃত্যু হয়।
- ১৯৭৩ চনত জেনেৰেল এছ.এইচ.এফ.জে. মানেকশ্ব’ক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি দিয়া হয়।
- ১৯৭৮ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ (I) নামৰ নতুন দল গঠন কৰি নিজকে তাৰ সভাপতি ঘোষণা কৰে।
- ১৯৮০ চনত ব্ৰিটিছ চৰকাৰী উদ্যোগ ব্ৰিটিছ ষ্টীল কৰ্পৰেশ্যনৰ এক লাখ কৰ্মচাৰীয়ে পঞ্চাশ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশজোৰা ধৰ্মঘট কৰে, দৰমহা বৃদ্ধিৰ দাবীত।
- ১৯৯১ চনত তিৰুৱনন্তপুৰম বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মৰ্যাদা প্ৰদান কৰা হয়।
- ১৯৯৪ চনত আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰতিদ্বন্দ্বী গোটৰ মাজত ৩৬ ঘণ্টীয়া সংঘাতত ৬০০ৰো অধিক লোকৰ মৃত্যু হয়।
- ২০০১ চনত প্ৰথমবাৰৰ বাবে কুময় দ্বীপ আৰু মাটছু দ্বীপৰ পৰা এখন পৰ্যটন নাও টাইৱানৰ পৰা মূল চীনলৈ বৈধভাৱে পাৰ হৈ যায়।
- ২০০৪ চনত পাকিস্তানৰ ইছলামবাদত অনুষ্ঠিত এখন সন্মিলনৰ সময়ত দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যনৰ সাতখন দেশে মুক্ত বাণিজ্য অঞ্চল স্থাপনৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।