দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ৪ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ৪ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৪ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- ১৬৬৫ চনত দিনটোতে মোগল আৰু ছাত্ৰপতি শিৱাজী মহাৰাজৰ মাজত ৰাজা জয় সিং সন্ধি স্বাক্ষৰিত হয়।
- ১৭৮১ চনত স্পেনিছ বাসিন্দাসকলে লছ এঞ্জেলছ প্ৰতিষ্ঠা কৰে।
- ১৮৮৮ চনৰ আজিৰ দিনটোতে গান্ধীজীয়ে ইংলেণ্ডলৈ সাগৰীয় যাত্ৰা আৰম্ভ কৰে।
- ১৯৬৯ চনত উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰৰ পিতৃ হো চি মিনৰ মৃত্যু হয়।
- ১৯৮৫ চনত ৭৩ বছৰৰ পাছত সাগৰত ডুব যোৱা টাইটানিক জাহাজৰ ছবি প্ৰকাশ পায়। টাইটানিক দুৰ্ঘটনাত এই জাহাজখনত থকা ১৫০০ লোকৰ মৃত্যু হয়।
- ১৮২৫ চনত আজিৰ দিনটোতে দাদাভাই নৌৰজীৰ জন্ম।
- ১৯৬৭ চনত মহাৰাষ্ট্ৰৰ কয়না মথাউৰি ভূমিকম্পৰ ফলত ভাঙি যায়, ২০০ৰো অধিক লোকৰ মৃত্যু হয়।
- ২০০৯ চনত গুজৰাট উচ্চ ন্যায়ালয়ে গুজৰাটত যশৱন্ত সিঙৰ মহম্মদ আলী জিন্নাৰ ওপৰত লিখা গ্ৰন্থৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লয়।