শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৬ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 26 Sep 2025 10:25 AM

আজি ২৬ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৬ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১০৮৭ চনত দ্বিতীয় উইলিয়াম ইংলেণ্ডৰ ৰজা হয়।

১৭৭৭ চনত আমেৰিকান বিপ্লৱ: ব্ৰিটিছ সৈন্যই ফিলাডেলফিয়া দখল কৰে।

১৮৭২ চনত নিউয়ৰ্ক চহৰত প্ৰথম মন্দিৰ নিৰ্মাণ কৰা হয়।

১৯৫০ চনত ৰাষ্ট্ৰসংঘৰ সৈন্যই উত্তৰ কোৰিয়াৰ সৈন্যৰ পৰা ছিউল দখল কৰে।

১৯৫০ চনত ইণ্ডোনেছিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হয়।

১৯৯৮ চনত জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেট খেলত শচীন টেণ্ডুলকাৰে ১৮ শতক অৰ্জন কৰি ডেচমণ্ড হেইনছৰ বিশ্ব অভিলেখ ভংগ কৰে।

২০০২ চনত ফ্ৰান্সে ইৰাকৰ বিৰুদ্ধে একপক্ষীয় ব্যৱস্থা গ্ৰহণৰ বিৰোধিতা কৰে।

১৬২৯ চনত ছুইডেন আৰু পোলেণ্ডে অল্টমাৰ্কৰ শান্তি চুক্তি স্বাক্ষৰ কৰে।

১৭৮৬ চনত ব্ৰিটেইন আৰু ফ্ৰান্সে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে।

১৯১৯ চনত কলিকতাত ভাৰতীয় ৰটাৰী ক্লাবৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

১৮২০ চনত ভাৰতীয় সমাজ সংস্কাৰক, শিক্ষাবিদ, স্বাধীনতা সংগ্ৰামী ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হয়।

১৯৩২ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জন্ম হয়।