দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২২ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২২ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২২ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- অসম চৰকাৰে ২২ ছেপ্টেম্বৰক গঁড় দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে জনসচেতনতা সৃষ্টিৰ লগতে একশিঙীয়া গঁড়ৰ সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা।
- ১৭৮৯ চনত আমেৰিকাৰ কংগ্ৰেছে পোষ্টমাষ্টাৰ জেনেৰেলৰ কাৰ্যালয়ৰ অনুমতি প্ৰদান কৰে।
- ১৭৯২ চনত ফ্ৰান্সক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।
- ১৯১৪ চনত জাৰ্মান যুদ্ধজাহাজ এমডেনে মাদ্ৰাজ বন্দৰত বোমা বিস্ফোৰণ কৰে।
- ১৯৪৯ চনত ছোভিয়েট ইউনিয়নে প্ৰথমটো পাৰমাণৱিক বোমা সফলতাৰে পৰীক্ষা কৰে।
- ১৯৫৫ চনত ব্ৰিটেইনত বাণিজ্যিক টেলিভিছন আৰম্ভ হয়। প্ৰতি ঘণ্টাত মাত্ৰ ছয় মিনিটৰ বাবে বিজ্ঞাপনৰ অনুমতি দিয়া হৈছিল, আৰু দেওবাৰে পুৱাও অনুমতি দিয়া হোৱা নাছিল।
- ১৯৬১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে কংগ্ৰেছৰ এখন আইনত স্বাক্ষৰ কৰি শান্তি বাহিনী প্ৰতিষ্ঠা কৰে।
- ১৯৮০ চনত ইৰাণ আৰু ইৰাকৰ মাজত চলি থকা সীমা সংঘাত যুদ্ধলৈ পৰিণত হয়।