Job: ওলাইছে চাকৰিঃ খালী ১৩,০০০ ৰো অধিক পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Bank job: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন। এই প্ৰক্ৰিয়াৰ অধীনত কেইবাটাও পদ পূৰ কৰা হ'ব।

প্ৰায় সকলোৱে বিচাৰে এটা ভাল চাকৰি। আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। বিশেষকৈ বেংকিং ক্ষেত্ৰত কাম কৰিব বিচৰাসকলৰ বাবে এয়া এক ডাঙৰ সুযোগ। Institute of Banking Personnel Selection (IBPS) য়ে কেইবাটাও পদৰ বাবে নিযুক্তি আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ১৩,২১৭ টা পদ পূৰণ কৰা হ’ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে।
এই আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ই ২১ ছেপ্টেম্বৰ ২০২৫ লৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন।
পদসমূহ
১)কাৰ্যালয় সহায়ক Office Assistant (Multipurpose)
পদৰ সংখ্যাঃ ৭৯৭২ টা।
২) অফিচাৰ (Officer Scale-I (Assistant Manager)
পদৰ সংখ্যাঃ ৩৯০৭ টা।
৩)অফিচাৰ ( Officer Scale-II (General Banking Officer (Manager)
পদৰ সংখ্যাঃ৮৫৪ টা।
৪) অফিচাৰ (Officer Scale-II (Information Technology)
পদৰ সংখ্যাঃ ৮৭ টা
৫) অফিচাৰ (Officer Scale-II (Chartered Accountant)
পদৰ সংখ্যাঃ ৬৯ টা।
৬) অফিচাৰ (Officer Scale-II (Law)
পদৰ সংখ্যাঃ ৪৮ টা।
৭)অফিচাৰ ( Officer Scale-II (Treasury Manager)
পদৰ সংখ্য়াঃ ১৬ টা।
৮)অফিচাৰ (Officer Scale-II (Marketing)
পদৰ সংখ্যাঃ ১৫টা
৯)অফিচাৰ (Officer Scale-II (Agriculture)
পদৰ সংখ্যাঃ ৫০ টা।
১০) অফিচাৰ (Officer Scale-III)
পদৰ সংখ্যাঃ১৯৯ টা।
প্ৰতিটো পদৰ বাবে বেলেগ বেলেগ অৰ্হতাৰ প্ৰয়োজন হ’ব। গতিকে এই ক্ষেত্ৰত অধিক জানিবলৈ IBPS ৰ অফিচিয়েল ৱেবচাইট চাব পাৰে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে কেইবাটাও বেংকৰ নিযুক্তি প্ৰদান কৰা হ’ব।
মাচুল
- এছ চি, এছটিঃ ১৭৫ টকা
- জেনেৰেল, অবিচি, ডব্লিউ এছঃ ৮৫০ টকা।
- দিব্যাংগঃ ১৭৫ টকা।
কেনেকৈ আবেদন কৰিব
- প্ৰথমে আপুনি official IBPS Recruitment Portal ত যাওক।
- পাছত Important Web-Linksত ক্লিক কৰক।
- Online Application Form ত ক্লিক কৰি ৰেজিষ্টাৰ কৰক।
- আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চাবমিট কৰক।
- মাচুল অনলাইনৰ জৰিয়তে দিব পাৰিব।
অন্য খবৰ পঢ়কঃ বেংকত ওলাইছে চাকৰিঃ দৰমহা ১ লাখ টকা পৰ্যন্ত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…