পাকিস্তানক ‘শিক্ষা’ দি বিশ্ব অভিলেখ গঢ়িলে অভিষেকেঃ গিলৰ সৈতে দেখুৱালে শতকীয় চমক
অভিষেক শৰ্মা বুলিলেই এতিয়া ক্ৰীজত এক ধুমুহা। প্ৰথমটো বলৰ পৰাই আক্ৰমণৰ শৈলী গ্ৰহণ কৰা অভিষেকে কালিও প্ৰথমটো বলতে কোবায় এটা বৃহৎ ছয়। ইয়াৰ পিছতো এই শৈলী অব্যাহত ৰাখে অভিষেকে।

এছিয়া কাপ ২০২৫ত কালি দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হয় ভাৰতীয় দল। প্ৰথমখন মেচতে সৃষ্টি হোৱা বিতৰ্কৰ পিছত কালিৰ এই মেচখন হৈ পৰিছিল বিশেষভাৱে আকৰ্ষণীয়। আৰু মেচৰ সময়ত ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটে। বিশেষকৈ ভাৰতৰ বেটিঙৰ সময়ত অপেনাৰদ্বয় অভিষেক শৰ্মা আৰু শুভমন গিলৰ সৈতে কেইবাবাৰো পাকিস্তানী খেলুৱৈৰ মৌখিক বিবাদ হোৱা পৰিলক্ষিত হয়। সততে আক্ৰমণাত্মক শৈলীৰ বাবে পৰিচিত অভিষেক শৰ্মাই বেটিঙেৰেই পাকিস্তানী খেলুৱৈক এই সময়ত দিয়ে উচিত শিক্ষা।
অভিষেক শৰ্মা বুলিলেই এতিয়া ক্ৰীজত এক ধুমুহা। প্ৰথমটো বলৰ পৰাই আক্ৰমণৰ শৈলী গ্ৰহণ কৰা অভিষেকে কালিও প্ৰথমটো বলতে কোবায় এটা বৃহৎ ছয়। ইয়াৰ পিছতো এই শৈলী অব্যাহত ৰাখে অভিষেকে। পাকিস্তানৰ বিৰুদ্ধে কালি আক্ৰমণাত্মক বেটিঙেৰে অভিষেকে মাত্ৰ ৩৯টা বলত ৬টা চাৰি আৰু ৫টা ছয়েৰে ৭৪ ৰান সংগ্ৰহ কৰে।
এই ইনিংছটোৰ সময়ত অভিষেকে ছয়ৰ ক্ষেত্ৰত এক বিশ্ব অভিলেখ গঢ়ি তোলে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ কম বলত ৫০টা ছয় কোবোৱা বেটাৰ হিচাপে অভিলেখ গঢ়িছে অভিষেকে। তদুপৰি শুভমন গিলৰ সৈতে শতকীয় যুটিৰে আন এক অভিলেখো সৃষ্টি কৰিছে অপেনাৰ বেটাৰগৰাকীয়ে।
মেচখনত অভিষেকে মাত্ৰ ২৪টা বলতে অৰ্ধশতক অৰ্জন কৰে। নিজ ইনিংছত দ্বিতীয়টো ছয় কোবোৱাৰ লগে লগে অভিষেক শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ কম বলত ৫০টা ছয় কোবোৱা বেটাৰ হিচাপে পৰিগণিত হয়। মাত্ৰ ৩৩১টা বলত তেওঁ পঞ্চাশটা ছয় কোবায়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৱেষ্ট ইণ্ডিজৰ এভিন লুইছ।
কেৰিবিয়ান তাৰকাগৰাকীয়ে ৩৬৬ বলত এই কৃতিত্ব অৰ্জন কৰিছিল। এতিয়া তেওঁৰ এই অভিলেখ ভংগ কৰি নিজৰ নামত সংযোজিত কৰিছে অভিষেক শৰ্মাই। সমান্তৰালকৈ অভিষেক শৰ্মা আৰু শুভমন গিলে যুটিৰ ক্ষেত্ৰতো পাকিস্তানৰ বিৰুদ্ধে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। প্ৰথম উইকেটৰ যুটিত দুয়ো ১০৫ ৰানৰ যুটি বান্ধে।
মাত্ৰ ৫৯টা বলত এই যুটি গঢ়ে অভিষেক আৰু গিলে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এয়া সৰ্বাধিক ৰানৰ যুটি। লগতে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ভাৰতীয় বেটাৰে শতকীয় যুটি বান্ধিবলৈ সক্ষম হয়। মেচখনত অভিষেকে ৭৪ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে শুভমন গিলে অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলেও ৪৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।