শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
২৩ ছেপ্টেম্বৰত হ'ব জুবিন গাৰ্গৰ শেষকৃত্য, সোণাপুৰ হ'ব অন্তিম শয়নৰ স্থান

২৩ ছেপ্টেম্বৰত হ’ব জুবিন গাৰ্গৰ শেষকৃত্য, সোণাপুৰ হ’ব অন্তিম শয়নৰ স্থান

raj-saikia
Raj Saikia | Published: 21 Sep 2025 20:05 PM

২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অন্তিম যাত্ৰা। ৰাজ্য়িক শোক ২৩ তাৰিখলৈকে সম্প্ৰসাৰণ কৰা হৈছে। সোণাপুৰতেই হ'ব জুবিন গাৰ্গৰ শেষকৃত্য।

জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। জুবিন গাৰ্গৰ সমাধিস্থল ক’ত হ’ব আৰু তেওঁৰ শেষকৃত্য কেতিয়া সম্পন্ন হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। যিহেতু বহু লোকে জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে আগ্ৰহী, গতিকে কাইলৈও জুবিন গাৰ্গক সৰুসজাইত ৰখা হ’ব। ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অন্তিম যাত্ৰা। ৰাজ্য়িক শোক ২৩ তাৰিখলৈকে সম্প্ৰসাৰণ কৰা হৈছে। চৰকাৰী অনুষ্ঠানৰ তাৰিখ সলনি হ’ব। জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে ৰাজ্য চৰকাৰে দুটা স্থান বাচি উলিয়াইছে। জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গক গুৱাহাটীৰ আশে-পাশেই ৰখাটো বিচাৰে পৰিয়ালে। এই সন্দৰ্ভত কি কি ক’লে মুখ্যমন্ত্ৰীয়ে? চাওক সবিশেষ-