শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২১ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 21 Sep 2025 09:55 AM

আজি ২১ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২১ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৭৮৪ চনত আমেৰিকাৰ প্ৰথম দৈনিক কাকত পেনচিলভেনিয়া পেকেট এণ্ড জেনেৰেল এডভাৰটাইজাৰ প্ৰকাশ পায়।
  2. ১৭৯০ চনত পালঘাটে জেনেৰেল মিড’ছৰ নেতৃত্বত গঠিত ব্ৰিটিছ দল এটাৰ হাতত ৬০টা বন্দুক লৈ আত্মসমৰ্পণ কৰে।
  3. ১৮৫৭ চনত মোগল সম্ৰাট বাহাদুৰ শ্বাহ দ্বিতীয়ই ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে।
  4. ১৯৪২ চনত বয়িং বি-২৯ ছুপাৰফ’ৰ্ট্ৰেছে প্ৰথম উৰণ আৰম্ভ কৰে।
  5. ১৯৬৪ চনত মাল্টাই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  6. ১৯৯১ চনত আৰ্মেনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
  7. ১৯৯৯ চনত মধ্য টাইৱানত সংঘটিত ভূমিকম্পৰ ফলত ২৪০০ লোকৰ মৃত্যু হয়।
  8. ২০১৩ চনত কেনিয়াৰ নাইৰোবিৰ ৱেষ্টগেট শ্বপিং মলত আল-ছাবাবৰ সন্ত্ৰাসবাদী আক্ৰমণত ৬৭ জন লোক নিহত হয়।