শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 02 Sep 2025 09:56 AM

আজি ২ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৯৪৬ চনত ভাৰতৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন। এই চৰকাৰখনে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভৰ আগলৈকে দেশৰ কাম-কাজৰ দায়িত্ব লয়।

১৯৯৮ চনত পাইলটবিহীন প্ৰশিক্ষণ বিমান নিশান্তই ভাৰতত সফলতাৰে উৰণ কৰে।

১৭৫২ চনত আজিৰ দিনটোতে কানাডাক ব্ৰিটিছ শাসনৰ পৰা পৃথক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

১৯৪৫ চনত আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধ আনুষ্ঠানিকভাৱে অন্ত পৰে, যেতিয়া জাপানে আত্মসমৰ্পণৰ নথিত স্বাক্ষৰ কৰে।

১৯৯২ চনত আমেৰিকা আৰু ৰাছিয়াই মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ বাবে যৌথ উদ্যোগ গঠনত সন্মতি প্ৰকাশ কৰে।

১৯৯৬ চনত ফিলিপাইনছ চৰকাৰ আৰু মুছলমান বিদ্ৰোহীয়ে ২৬ বছৰীয়া গৃহযুদ্ধৰ অন্ত পেলাবলৈ চুক্তিত স্বাক্ষৰ কৰে।

২০০১ চনত আজিৰ দিনটোতে ১৯৬৭ চনত প্ৰথম হৃদৰোগ সংৰোপণ কৰা দক্ষিণ আফ্ৰিকাৰ হৃদৰোগ বিশেষজ্ঞ ক্রিষ্টিয়ান বার্নাৰ্ডৰ মৃত্যু হয়।

২০০৯ চনত আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে বিশ্ব নাৰিকল দিৱস পালন কৰা হয়।