শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৪ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 04 Oct 2025 09:50 AM

আজি ৪ অক্টোবৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৪ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১২২৭ চনত খলিফা আল আদিলক হত্যা কৰা হয়।
  2. ১৮২৪ চনত মেক্সিকো গণৰাজ্যত পৰিণত হয়।
  3. ১৯৯৬ চনত ১৬ বছৰীয়া পাকিস্তানী বেটছমেন শ্বাহিদ আফ্ৰিদীয়ে ৱান ডে ইণ্টাৰনেশ্যনেলত ৩৭টা বলত শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  4. ১৯৭৭ চনত ভাৰতৰ বিদেশ মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হিন্দী ভাষাত ভাষণ দিয়ে। এইটোৱেই আছিল হিন্দীত দিয়া প্ৰথম ভাষণ।
  5. ২০০০ চনত চাং চুন-ছিউং টাইৱানৰ নতুন প্ৰধানমন্ত্ৰী হয়।
  6. ২০১১ চনত আমেৰিকাই ইছলামিক ষ্টেটৰ নেতা আবু বকৰ আল বাগদাদীক বিশ্বৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে আৰু তেওঁৰ ওপৰত এক কোটি ডলাৰৰ বাউন্টি আৰোপ কৰে।