দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৭ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ২৭ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৭ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৭৯৫ চনত আমেৰিকা আৰু স্পেইনে ছান লৰেঞ্জো (পিংকনি) সন্ধিত স্বাক্ষৰ কৰে, যাৰ ফলত আমেৰিকাক মিচিচিপি নদীত যাতায়তৰ অধিকাৰ প্ৰদান কৰা হয়।
১৮০৬ চনত ফৰাচী সৈন্যই বাৰ্লিনত প্ৰৱেশ কৰে।
১৯৪৭ চনত জম্মু-কাশ্মীৰৰ ৰজা হৰিসিংহই জম্মু-কাশ্মীৰক ভাৰতৰ সৈতে একত্ৰীকৰণ গ্ৰহণ কৰে।
১৯৫৯ চনত পশ্চিম মেক্সিকোত ঘূৰ্ণীবতাহৰ ফলত কমেও ২০০০ লোকৰ মৃত্যু হয়।
১৯৭৮ চনত ইজিপ্তৰ ৰাষ্ট্ৰপতি আনোৱাৰ সাদাত আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী মেনাচেম বেগিনক শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হয়।
১৯৯৫ চনত ইউক্ৰেইনৰ কিয়ভত থকা চেৰ্নোবিল পাৰমাণৱিক ৰিয়েক্টৰ সুৰক্ষাৰ ত্ৰুটিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
১৯২০ চনত ভাৰতৰ দশম ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্ম হয়।
২০২১ চনত ভাৰতে “অগ্নি-৫” ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে, যাৰ ৰেঞ্জ ৫০০০ কিলোমিটাৰ।