দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২১ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ২১ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২১ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯৪৩ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠা কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক টাৰ্নিং পইণ্ট চিহ্নিত কৰে।
১২৯৬ চনত আলাউদ্দিন খিলজীয়ে দিল্লীৰ সিংহাসনত আৰোহণ কৰে।
১৯৩৪ চনত জয়প্ৰকাশ নাৰায়ণে কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি গঠন কৰে।
১৯৩৪ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰে।
১৮৩৩ চনত ছুইডেনৰ ষ্টকহ’মত আলফ্ৰেড নোবেলৰ জন্ম হয় আৰু পিছলৈ তেওঁ নোবেল বঁটা প্ৰতিষ্ঠা কৰে।
১৮৫৪ চনত ফ্লৰেন্স নাইটিংগেলক ৩৮ গৰাকী নাৰ্ছৰ সৈতে ক্ৰিমিয়া যুদ্ধলৈ পঠিওৱা হয়।
১৯৪৫ চনত ফ্ৰান্সৰ মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে।
১৯৫১ চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা হয়।
২০১২ চনত ছাইনা নেহৱালে ডেনমাৰ্ক অ’পেন ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰে।
১৯৫৯ চনত লাডাখৰ হট স্প্ৰিংছ অঞ্চলত চীনা সেনাৰ আক্ৰমণত দহজন আৰক্ষীৰ নিহত হয়। তেওঁলোকৰ স্মৃতিত প্ৰতি বছৰে ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়।