শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৯ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
manas-borah
Manas Borah | Published: 09 Nov 2025 09:17 AM

আজি ৯ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৯ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১২৩৬ চনৰ আজিৰ দিনটোতে মোগল শাসক ৰুক্নুদ্দিন ফিৰোজ শ্বাহৰ হত্যা।

১৫৮০ চনত স্পেনিছ বাহিনীয়ে আয়াৰলেণ্ড আক্ৰমণ কৰে।

১৭২৯ চনত ব্ৰিটেইন, ফ্ৰান্স আৰু স্পেইনে চেভিল সন্ধি স্বাক্ষৰ কৰি দুবছৰীয়া এংলো-স্পেনিছ যুদ্ধৰ অন্ত পেলায়।

১৭৯৪ চনত ৰাছিয়াৰ বাহিনীয়ে পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছ দখল কৰে।

১৮৮৭ চনত আমেৰিকাই হাৱাইৰ পাৰ্ল হাৰ্বাৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে।

১৯৩৭ চনত জাপানী বাহিনীয়ে চীনৰ চাংহাই দখল কৰে।

১৯৮৫ চনত ছোভিয়েট ৰাছিয়াৰ ২২ বছৰীয়া গেৰী কাছপাৰোভ আনাটলি কাৰ্পভক পৰাস্ত কৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হয়।

২০১৯ চনত অযোধ্যা বিবাদক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে।

ৰাষ্ট্ৰীয় আইনী সেৱা দিৱসঃ ভাৰতত ৯ নৱেম্বৰত আইনী সেৱা কৰ্তৃপক্ষ আইন, ১৯৮৭ৰ স্মৃতিত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস পালন কৰা হয়।