ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় আয়কৰ দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শিখ নেতা হৰচন্দ সিং লংগোৱালৰ সৈতে পঞ্জাৱ চুক্তি স্বাক্ষৰ কৰিছিল।

২৪ জুলাইৰ দিনটোৰ বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় আয়কৰ দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে এমেলিয়া ইয়াৰহাৰ্টৰ জন্ম হৈছিল। তেওঁ হৈছে আটলাণ্টিক মহাসাগৰ পাৰ হৈ এককভাৱে উৰাজাহাজ চলোৱা প্ৰথমগৰাকী মহিলা।
আজিৰ দিনটোতে আমেৰিকান ইতিহাসবিদ হিৰাম বিংহামে পেৰুত অৱস্থিত প্ৰাচীন ইনকান চহৰ মাচু পিচু পুনৰ আৱিষ্কাৰ কৰিছিল। একেদৰে আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শিখ নেতা হৰচন্দ সিং লংগোৱালৰ সৈতে পঞ্জাৱ চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিখনে তিনি বছৰ ধৰি চলা পঞ্জাৱ সংকটৰ সমাধান কৰিছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
১৮৯৭ চনত আজিৰ দিনটোতে বিখ্যাত আমেৰিকান বিমানচালক এমেলিয়া ইয়াৰহাৰ্টৰ জন্ম হৈছিল।
১৯১১ চনত আমেৰিকান ইতিহাসবিদ হিৰাম বিংহামে পেৰুত অৱস্থিত প্ৰাচীন ইনকান চহৰ মাচু পিচু পুনৰ আৱিষ্কাৰ কৰিছিল।
১৯১৫ চনত Chicago Riverত যাত্ৰীবাহী জাহাজ SS Eastland ডুবি যোৱাৰ ফলত ৮০০ তকৈও অধিক লোকৰ মৃত্যু হৈছিল।
১৯৬৯ চনত Neil Armstrong, Buzz Aldrin, আৰু Michael Collinsকে ধৰি Apollo 11ৰ ক্ৰু সদস্যসকল চন্দ্ৰত অৱতৰণ কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিছিল। Wikipedia অনুসৰি এই অভিযানত এই মহাকাশচাৰীসকলে প্ৰথমবাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰিছিল।
১৯৮৫ চনত ফৰাচী চোৰাংচোৱা সংস্থা DGSE য়ে New Zealandৰ Aucklandত থকা গ্ৰীণপিচৰ জাহাজ Rainbow Warriorত বোমা আক্ৰমণ কৰিছিল, যাৰ ফলত এজন ফটো সাংবাদিক আৰু সমাজকৰ্মীৰ মৃত্যু হৈছিল।
১৯৮৫ চনত, ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শিখ নেতা হৰচন্দ সিং লংগোৱালৰ সৈতে পঞ্জাৱ চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিখনে তিনি বছৰ ধৰি চলা পঞ্জাৱ সংকটৰ সমাধান কৰিছিল।