ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ কিছুমান স্থানীয় ৰে’লত ইটোৰ পিছত সিটোকৈ কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত হয়। ১৯৮৯ চনৰ ১১ জুলাইৰ পৰা আজিৰ দিনটোক বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস
আজি ১১ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ কিছুমান স্থানীয় ৰে’লত ইটোৰ পিছত সিটোকৈ কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত ১৮৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭০০ লোক আহত হয়। ১৯৮৯ চনৰ ১১ জুলাইৰ পৰা আজিৰ দিনটোক বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
- ১৮৮৯ চনত সোভা বজাৰ ক্লাব ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় দল হিচাপে পৰিগণিত হয়।
- ১৯২১ চনত মংগোলিয়াই চীনৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৪৮ চনত জেৰুজালেমত প্ৰথম বিমান আক্ৰমণ সংঘটিত হয়।
- ১৯৭৩ চনত পেৰিছৰ ওচৰত ব্ৰাজিলৰ বয়িং বিমান দুৰ্ঘটনাগ্ৰস্ত হয়, ১২২ জন লোকৰ মৃত্যু হয়।
- ১৯৮৯ চনৰ ১১ জুলাই পৰা আজিৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়।
- ১৯৯৫ চনত আমেৰিকা আৰু ভিয়েটনামৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হয়।
- ১৯৯৫ চনত বছনিয়াত ৭০০০ৰো অধিক লোকক হত্যা কৰা হয়।
- ২০০২ চনত চাং চাং দক্ষিণ কোৰিয়াৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
- ২০০৬ চনত মুম্বাইৰ স্থানীয় ৰে’লত ধাৰাবাহিক বোমা বিস্ফোৰণ।