দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৭ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২৭ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৭ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- ১৬০৪ চনত অমৃতসৰৰ সোণালী মন্দিৰত আদি গুৰু গ্ৰন্থ চাহাবৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৮৭০ চনত ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল শ্ৰামজীৱী সংঘ।
- ১৯৩৯ চনত বিশ্বৰ প্ৰথমখন জেট ইন্ধন চালিত বিমানখনে জাৰ্মানীৰ পৰা উৰা মাৰিছিল।
- টেলিভিছনৰ জগতৰ ইতিহাসত ১৯৫০ চনৰ আজিৰ দিনটোতে বিবিচিয়ে প্ৰথম স্থলভিত্তিক লাইভ সম্প্ৰচাৰ কৰিছিল। সম্প্ৰচাৰৰ পৰিকল্পনা কৰিবলৈ দুমাহতকৈও অধিক সময় লাগিছিল। ইংলিছ চেনেলৰ সিটো পাৰে অৰ্থাৎ ফ্ৰান্সৰ পৰা এই দুঘণ্টীয়া সম্প্ৰচাৰ কৰা হৈছিল।
- নাছাই ১৯৬২ চনত মেৰিনাৰ ২ মহাকাশ অভিযান আৰম্ভ কৰিছিল।
- ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথমগৰাকী মহিলা জেনেৰেল, মেজৰ জেনেৰেল জি আলী ৰামক ১৯৭৬ চনত সামৰিক নাৰ্চিং সেৱাৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।
- নাইজেৰিয়াত ১৯৮৫ চনত সামৰিক অভ্যুত্থানত মেজৰ জেনেৰেল মহম্মদ বুহাৰীৰ চৰকাৰ উফৰাই দিয়া হয় আৰু জেনেৰেল ইব্ৰাহিম বাবাংগিদা নতুন সামৰিক শাসক হয়।
- ১৯৯৯ চনত সোণালী বেনাৰ্জী ভাৰতৰ প্ৰথম মহিলা মেৰিন ইঞ্জিনিয়াৰ হিচাপে পৰিগণিত হয় ।
- ১৯৯৯ চনত কাৰ্গিল সংঘাতৰ সময়ত ভাৰতত বন্দী হৈ থকা পাকিস্তানী যুদ্ধবন্দীসকলক ভাৰতে মুকলি কৰি দিছিল।
- ৬০ হাজাৰ বছৰৰ ব্যৱধানৰ অন্তত ২০০৩ চনত মংগল গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰলৈ আহিছিল।
- টাটা ষ্টীলৰ ভেটি স্থাপন কৰা দৰাবজী টাটাৰ জন্ম হৈছিল ১৮৫৯ চনত।