দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২০ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ২০ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২০ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯৪২ চনৰ ২০ আগষ্টত চতিয়া থানাৰ চৌহদত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰা হয়। এই উপলক্ষে স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত আজিৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰা হয়। চতিয়া থানা হৈছে ভাৰতত প্ৰথমবাৰৰ বাবে ত্ৰিৰংগা উত্তোলন কৰা প্ৰথমখন থানা।
১৯৪৪ চনৰ ২০ আগষ্টত মুম্বাইত ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম হৈছিল। ভাৰতৰ উন্নয়নত ৰাজীৱ গান্ধীৰ অৱদানৰ স্মৃতিত ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকী সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয়।
আজি ২০ আগষ্টৰ দিনটো ভাৰতত অক্ষয় উৰ্জা দিৱস হিচাপেও পালন কৰা হয়। নবীকৰণযোগ্য শক্তিৰ গুৰুত্ব আৰু প্ৰসাৰৰ বাবে এই দিনটো উদযাপন কৰা হয়।
১৮২৮ চনৰ ২০ আগষ্টত ৰাজা ৰাম মোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন কলিকতা (বৰ্তমান কলকাতা)ত অনুষ্ঠিত হয়। ইতিহাসত উল্লেখ থকা অনুসৰি, ইয়াক বংগৰ নৱজাগৰণৰ আৰম্ভণি বুলি কোৱা হয়।
আজিৰ দিনটোতে পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দি এক্সপ্ৰেছৰ সংঘৰ্ষ সংঘটিত হয়। প্ৰকাশিত তথ্য অনুসৰি, ১৯৯৫ চনত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দি এক্সপ্ৰেছৰ সংঘৰ্ষত ৩৫০ জন লোকৰ মৃত্যু হৈছিল।
১৯২০ চনৰ ২০ আগষ্টত মিচিগানৰ ডেট্ৰাইটত বিশ্বৰ প্ৰথমটো বাণিজ্যিক ৰেডিঅ’ ষ্টেচন ডব্লিউ ডব্লিউ জে(WWJ) আৰম্ভ হয়।
মোপ্লাহ বিদ্ৰোহ, যাক মালাবাৰ বিদ্ৰোহ বুলিও কোৱা হয়। ১৯২১ চনত ২০ আগষ্টত কেৰালাৰ মালাবাৰ অঞ্চলত আৰম্ভ হৈছিল এই বিদ্ৰোহ। ই আছিল ব্ৰিটিছ ঔপনিৱেশিক কৰ্তৃপক্ষ আৰু জমিদাৰৰ বিৰুদ্ধে মুছলমান কৃষকসকলৰ এক বিদ্ৰোহ।