শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলকতে পঢ়ক ১২ আগষ্টৰ দিনটোৰ ইতিহাস

আজি ১২ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

পলকতে পঢ়ক ১২ আগষ্টৰ দিনটোৰ ইতিহাস
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Updated On: 12 Aug 2025 09:18 AM

বহু ঘটনা পৰিঘটনাৰ বাবে ১২ আগষ্টৰ দিনটোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১২ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফাজালক ১৬০২ চনত হত্যা কৰা হয়।
  2. মোগল শাসকে ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ, বিহাৰ আৰু ওড়িশা দিৱানী গতাই দিয়ে। এইটো ৰাজনৈতিক আৰু সাংবিধানিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা বুলি গণ্য কৰা হয়।
  3. ১৮৩১ চনত নেদাৰলেণ্ড আৰু বেলজিয়ামে শান্তি চুক্তি স্বাক্ষৰ কৰে।
  4. ১৮৩৩ চনত আমেৰিকাৰ চিকাগো চহৰ প্ৰতিষ্ঠা কৰা হয়।
  5. ১৯১৪ চনত ফ্ৰান্স আৰু ব্ৰিটেইনে অষ্ট্ৰিয়া-হাংগেৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  6. ১৯২০ চনত পোলেণ্ড আৰু ৰাছিয়াৰ মাজত ৱাৰ্ছ যুদ্ধ আৰম্ভ হয়।
  7. ১৯২৮ চনত আমষ্টাৰডামত নৱম অলিম্পিক গেমছৰ অন্ত পৰে।
  8. ১৯৩৬ চনত ডাইভাৰ মাৰ্জাৰী গেষ্ট্ৰিং অলিম্পিকৰ আটাইতকৈ কম বয়সীয়া স্বৰ্ণ পদক বিজয়ী (১৩ বছৰ ২৬৮ দিন) হয়।
  9. ১৯৪১ চনত ফ্ৰান্সৰ মাৰ্শ্বাল হেনৰী পেটেইনে নাজী জাৰ্মানীক সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়।
  10. ১৯৬০ চনত নাছাই প্ৰথমটো সফল যোগাযোগ উপগ্ৰহ ইকো-এ উৎক্ষেপণ কৰে।
  11. ১৯৬২ চনত প্ৰথমবাৰৰ বাবে দুজন ব্যক্তি একেলগে মহাকাশলৈ গৈছিল।
  12. ১৯৭১ চনত জৰ্ডানৰ সৈতে ছিৰিয়াই কূটনৈতিক সম্পৰ্ক ভংগ কৰে।
  13. ১৯৮৪ চনত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত ২৩ সংখ্যক অলিম্পিক গেমছৰ সামৰণি পৰে।
  14. ২০০৩ চনত ভাৰত আৰু ইজৰাইলৰ মাজত হোৱা ফেলকন চুক্তিত আমেৰিকাই অনুমোদন জনায়।
  15. ১২ আগষ্টৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।