আজি ১১ আগষ্ট, চাওঁ আহক দিনটোৰ ইতিহাস…
ভাৰতৰ মহান বিপ্লৱী খুদিৰাম বসুক আজিৰ দিনটোতে ব্ৰিটিছে ফাঁচী দিছিল। বিপ্লৱী বসুৱে ভাৰতীয় স্বাধীনতা সংগ্ৰামত এক নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

আজি ১১ আগষ্ট । বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ভাৰতৰ মহান বিপ্লৱী খুদিৰাম বসুক আজিৰ দিনটোতে ব্ৰিটিছে ফাঁচী দিছিল। বিপ্লৱী বসুৱে ভাৰতীয় স্বাধীনতা সংগ্ৰামত এক নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। ইফালে আজিৰ দিনটোতে মধ্য আফ্ৰিকাৰ দেশ চাডে ফ্ৰান্সৰ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰে। চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
ভাৰতৰ মহান বিপ্লৱী খুদিৰাম বসুক ১৯০৮ চনৰ ১১ আগষ্টত মুজাফ্ফৰপুৰ কাৰাগাৰত ব্ৰিটিছ চৰকাৰে ফাঁচী দিছিল।
১৯৬০ চনৰ ১১ আগষ্টত মধ্য আফ্ৰিকাৰ দেশ চাডে ফ্ৰান্সৰ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰে।
১৯৬১ চনৰ ১১ আগষ্টত দাদৰা আৰু নগৰ হাভেলী ভাৰতীয় সংঘত অন্তৰ্ভুক্ত হয় আৰু ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হয়।
১৯৭৮ চনৰ ১১ আগষ্টত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ জন্ম হৈছিল।
১৯৯৯ চনৰ ১১ আগষ্টত ইউৰোপ, এছিয়া আৰু মধ্যপ্ৰাচ্যৰ বহু ঠাইত সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা গৈছিল, যিটো ২০ শতিকাৰ শেষ সম্পূৰ্ণ সূৰ্যগ্ৰহণ আছিল।
২০০০ চনৰ ১১ আগষ্টত ফিজিৰ বিদ্ৰোহী নেতা জৰ্জ স্পেইটৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লোৱা হয়, যাৰ ফলত দেশখনত ৰাজনৈতিক সংকটৰ সৃষ্টি হয়।
২০০৭ চনৰ ১১ আগষ্টত মহম্মদ হামিদ আনছাৰী ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি হয়।