শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি ১ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

আজি ১ আগষ্টৰ দিনটো বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাৰতীয় জাতীয়তাবাদী নেতা বাল গংগাধৰ তিলকৰ মৃত্যু হয়। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি ১ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 01 Aug 2025 09:44 AM

আজি ১ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাৰতীয় জাতীয়তাবাদী নেতা বাল গংগাধৰ তিলকৰ মৃত্যু হয়। মহাত্মা গান্ধীয়ে ১৯২০ চনৰ ১ আগষ্টৰ পৰা অসহযোগ আন্দোলন আৰম্ভ কৰে।আন্দোলনৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা বন্ধ কৰিছিল। আদালতলৈ যাবলৈ অস্বীকাৰ কৰিছিল অধিবক্তাসকলে। বহু চহৰ-নগৰত শ্ৰমিকসকলে ধৰ্মঘট কৰিছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৮৩১ চনত নতুন লণ্ডন দলংখন যাতায়তৰ বাবে মুকলি কৰা হয়।
  2. ১৮৮৩ চনত গ্ৰেট ব্রিটেইনত আভ্যন্তৰীণ ডাক সেৱা আৰম্ভ হয়।
  3. ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়।
  4. ১৯১৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী এনি বেছাণ্টে হোম ৰুল লীগ আৰম্ভ কৰে।
  5. ১৯২০ চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰে।
  6. ১৯২০ চনত পণ্ডিত, গণিতজ্ঞ, দাৰ্শনিক তথা ভাৰতীয় জাতীয়তাবাদী নেতা বাল গংগাধৰ তিলকৰ মৃত্যু হয়।
  7. ১৯৩২ চনত হিন্দী চলচিত্ৰৰ প্ৰখ্যাত অভিনেত্ৰী মীনা কুমাৰীৰ জন্ম হয়।
  8. ১৯৫৩ চনত কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোক গ্ৰেপ্তাৰ কৰা হয়।
  9. ১৯৫৩ চনত এয়াৰ কৰ্পৰেশ্যন এক্টৰ অধীনত দেশৰ সকলো বিমান সংস্থাক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
  10. ১৯৫৭ চনত নেচনেল বুক ট্ৰাষ্ট স্থাপন কৰা হয়।
  11. ১৯৬০ চনত পাকিস্তানৰ ৰাজধানী কৰাচীৰ পৰা ইছলামবাদলৈ সলনি কৰা হয়।
  12. ১৯৭৫ চনত দুৰ্গা বেনাৰ্জীয়ে বাণিজ্যিক যাত্ৰীবাহী বিমান পাইলট কৰা বিশ্বৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা পাইলট হিচাপে পৰিগণিত হয়।
  13. ১৯৯৫ চনত হাবল টেলিস্কোপে শনিৰ আন এটা চন্দ্ৰ আৱিষ্কাৰ কৰে।
  14. ২০০৪ চনত শ্ৰীলংকাই ভাৰতক পৰাস্ত কৰি এছিয়া কাপ ক্ৰিকেটত জয়লাভ কৰে।
  15. ২০০৭ চনত ভিয়েটনামৰ হানয় চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত ভাৰতীয় দলৰ ছয়জন সদস্যই তিনিটা ৰূপৰ পদক লাভ কৰে।